ETV Bharat / bharat

বিবাদিত ভূমিত হেলিপেড নিৰ্মাণ নেপালৰ

নেপাল কৰ্তৃপক্ষই অঞ্চলটোত বানৰ প্ৰভাৱত পৰা লোকসকলৰ সাহাৰ্যৰ্থে আৰু সাহাৰ্য সামগ্ৰী বিতৰণৰ সুবিধাৰ কাৰণে স্থাপন কৰাৰ কথা উল্লেখ কৰে ৷

Nepal begins construction of helipads in disputed area of Susta
বিবাদিত ভূমিত হেলিপেড নিৰ্মাণ নেপালৰ
author img

By

Published : Aug 6, 2020, 4:12 PM IST

নতুন দিল্লী, 6 আগষ্টঃ ভাৰত আৰু নেপালৰ বিবাদিত ভূমিত চাৰিখন হেলিপেড নিৰ্মাণৰ কাম আৰম্ভ কৰিছে নেপালে ৷ সশস্ত্ৰ সীমা সুৰক্ষা বাহিনীয়ে প্ৰকাশ কৰা অনুসৰি সীমান্তৰ বিবাদত ভূমিত নিৰ্মাণৰ কাম চলি থকা চাৰিখন হেলিপেডৰ এখনৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ এই প্ৰকল্পৰ কাৰণে নেপাল কৰ্তৃপক্ষই ইতিমধ্যে দহ একৰ ভূমি আৱন্টন দিছে ৷

এজন জ্যেষ্ঠ সাংবাদিকে উল্লেখ কৰা মতে এই বিবাদিত ভূমি ভাৰতৰ দ্বাৰা স্বীকৃত গণ্ডক নদীৰ পূৱ প্ৰান্তত অৱস্থিত বিহাৰৰ পশ্চিম চম্পাৰণ জিলাত আৰু সস্তা নগৰ নিগমৰ অংশ ৷ ইয়াৰ সীমান্ত পশ্চিম নেপালৰ লগত সংলগ্ন ৷ সেনাৰ এজন শীৰ্ষ বিষয়াই প্ৰায় এমাহৰ পূৰ্বে অঞ্চলটোত হেলিপেড নিৰ্মাণৰ কথা চোৰাংচোৱা বিভাগে প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁ বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ কথাও জানিবলৈ দিয়ে ৷

আনহাতে নেপাল কৰ্তৃপক্ষই অঞ্চলটোত বানৰ প্ৰভাৱত পৰা লোকসকলৰ সাহাৰ্যৰ্থে আৰু সাহাৰ্য সামগ্ৰী বিতৰণৰ সুবিধাৰ কাৰণে স্থাপন কৰাৰ কথা উল্লেখ কৰে ৷ কিন্তু বিবাদিত ভূমি তথা হেলিপেড নিৰ্মাণ হোৱা স্থান বানত প্ৰভাৱাম্বিত হোৱাৰ সম্ভাৱনা নুই কৰিব পাৰি ৷

লগতে পঢ়ক : বিহাৰত নাও দুৰ্ঘটনাত নিহত 15,সন্ধানহীন 10 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.