নিউজ ডেস্ক, ২৪ জানুৱাৰী: শনিবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে । উত্তৰ-পূৱ পৰিষদৰ নিৰ্দিষ্ট পুঁজিৰ স্থানান্তৰৰ বাবে কেতবোৰ আলোচনা কৰে । উত্তৰ-পূৱ পৰিষদ চমুকৈ এন ই চিৰ ৬৯ সংখ্যক পূৰ্ণাংগ অধিৱেশনত বিপ্লৱ কুমাৰ দেৱে অংশগ্ৰহণ কৰি ৰাজ্যখনৰ উন্নয়ন বাবে ত্ৰিপুৰা চৰকাৰে লোৱা কেবাটাও পদক্ষেপৰ বিষয়ে বক্তব্য আগবঢ়ায় । এই অধিৱেশনত অমিত শ্বাহৰ লগতে পূৰ্বোত্তৰ ৰাজ্যৰ বিকাশ মন্ত্ৰণালয়ৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙো উপস্থিত আছিল ।
এই অধিৱেশনত বিপ্লৱ কুমাৰ দেৱে কয় যে কেন্দ্ৰই সকলো বিভাগৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ইয়াৰ বাৰ্ষিক বাজেটৰ ১০ শতাংশ নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছে । উল্লেখ্য যে, পূৰ্বতে কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৩ শতাংশ পুঁজি নিৰ্ধাৰণ কৰে । ২০১৮ চনত কোৱা হৈছিল যে, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে চাহ, মৎস্য়, দুগ্ধ আৰু বাঁহৰ বাবে বিবিন্ন প্ৰকল্পৰ পুঁজি নিৰ্ধাৰণ কৰা হ'ব । ইতিমধ্য ইয়াৰ অধীনত ত্ৰিপুৰাই এই প্ৰকল্পবোৰ দাখিল কৰিছিল । কিন্তু এই প্ৰকল্পসমূহ শীঘ্ৰে অনুমোদন জনাবলৈ অনুৰোধ কৰে বিপ্লৱ কুমাৰ দেৱে । ইয়াৰোপৰি ৰাজ্যখনৰ উনাকটি জিলাৰ অন্তৰ্গত কৈলাশাহাৰ বিমানবন্দৰৰ অচলাৱস্থাৰ বিষয়েও অৱগত কৰে । এই বিমানবন্দৰটোক বিমান সংযোগ মানচিত্ৰৰে পুনৰ সংযোগ কৰাৰ বাবে কথা-বতৰা চলিছিল । 'উড়ান' আঁচনিৰ অধীনত এই বিমানবন্দৰটো পুনৰোজ্জীৱিত কৰাৰ বাবে প্ৰস্তাৱ জনোৱা হৈছিল ।
বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্প সন্দৰ্ভতো তেওঁ কয যে, ত্ৰিপুৰাৰ বাবে বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ বাবে ৯ টা প্ৰকল্প সীমা নিৰ্ধাৰণ কৰা হৈছে । যদিহে এই প্ৰকল্পৰ সীমা বৃদ্ধি কৰা যায় তেন্তে ত্ৰিপুৰাবাসীৰ বাবে এয়া এক শুভ লক্ষণ বুলিও কয় । ইন্দ্ৰধনু প্ৰকল্পৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ৬০ শতাংশ ব্যৱহাৰ্য পুঁজিৰ দাবী জনায় । বৰ্তমান সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ব্যৱহাৰ্য পুঁজি ২০ শতাংশ । উত্তৰ-পূৱ পৰিষদৰ বাবে ৩০ শতাংশ নতুনকৈ আৱন্টনৰ দাবী জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
ইফালে ৰবৰ খণ্ডত বিনিয়োগ কৰাক লৈও তেওঁ কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী পিয়ূয গোৱেলকো ধন্যবাদ জ্ঞাপন কৰে ।
লগতে পঢ়ক:সম্পত্তিৰ বাবেই এটা নৃশংস হত্যাকাণ্ড