ETV Bharat / bharat

চলন্ত বাছত মহিলাক ধৰ্ষণ:আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মহিলা আয়োগে - উত্তৰ প্ৰদেশৰ পৰা দিল্লী অভিমুখী বাছত মহিলাক বলাৎকাৰ

উত্তৰ প্ৰদেশৰ পৰা দিল্লী অভিমুখী বাছত মহিলাক বলাৎকাৰৰ জঘন্য ঘটনা । এই ঘৃণনীয় কাণ্ড সংঘটিত হোৱাৰ সময়ত বাছখনত ৪৫ গৰাকী যাত্ৰী উপস্থিত আছিল । ঘটনা সন্দৰ্ভত আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মহিলা আয়োগে ।

চলন্ত বাছত মহিলাক ধৰ্ষণ:আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মহিলা আয়োগে

author img

By

Published : Sep 2, 2020, 12:14 PM IST

নেশ্যনেল ডেস্ক, ২ ছেপ্টেম্বৰ: উত্তৰ প্ৰদেশৰ পৰা দিল্লী অভিমুখী বাছত সংঘটিত হয় জঘন্য ঘটনা । শুই থকাৰ সুযোগতে চলন্ত বাছত মহিলা যাত্ৰীক ধৰ্ষণ কৰে কোনো বিকৃত মানসিকতাৰ লোকে । ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত ৪৫ গৰাকী যাত্ৰী উপস্থিত আছিল বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে । সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ পৰা বিস্তৃত প্ৰতিবেদন বিচাৰিছে ৰাষ্ট্ৰীয় মহিলা আয়োগে । ধৰ্ষণৰ বলি হোৱা ৩০ বছৰীয়া মহিলাগৰাকীৰ ঘৰ দিল্লীত । শনিবাৰে উত্তৰ প্ৰদেশৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰি থকাৰ সময়তে এই ঘৃণনীয় কাণ্ড সংঘটিত হয় ।

উত্তৰ প্ৰদেশৰ ডিজিপি এইচ. চি. অৱস্থীলৈ ৰাষ্ট্ৰীয় মহিলা আয়োগে প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰা হৈছে যে, উত্তৰ প্ৰদেশত সঘনাই হোৱা নাৰী নিৰ্যাতনৰ ঘটনাক লৈ মহিলা আয়োগ চিন্তিত হৈ পৰিছে । ঘটনাৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে শীঘ্ৰে তদন্তৰ আহ্বান জনায় । আনহাতে, তদন্ত প্ৰক্ৰিয়াৰ বিস্তৃত তথ্য মহিলা আয়োগলৈ আৰক্ষীয়ে প্ৰেৰণ কৰাৰ আশ্বাস দিছে বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই । উল্লেখ্য যে, যোৱা আগষ্ট মাহত উত্তৰ প্ৰদেশত দুগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল । দুয়োকে ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা হৈছিল । সঘনাই হৈ থকা এনে ঘটনাই প্ৰমাণ কৰিছে যে অপৰাধ প্ৰৱণতাই গ্ৰাস কৰা উত্তৰ প্ৰদেশত বৰ্তমান নাৰী সুৰক্ষাৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

লগতে পঢ়ক : দ্বিতীয়বাৰলৈ ৰাছিয়া ভ্ৰমণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.