ETV Bharat / bharat

NCRB ধৰ্ষণ প্ৰতিবেদন, 2018 ৰ শীৰ্ষত অসম - Assam tops in rape cases in NCRB report 2018

2018 চনত ধৰ্ষণ গোচৰৰ শীৰ্ষত স্থান লাভ কৰিছে অসমে ৷ এই বৰ্ষত অসমত সৰ্বাধিক 66 টাকৈ ধৰ্ষণৰ গোচৰ ৰুজু হৈছে বুলি NCRB প্ৰতিবেদনে প্ৰকাশ কৰিছে ৷

ধৰ্ষণ গোচৰৰ শীৰ্ষত অসম
NCRB ধৰ্ষণ প্ৰতিবেদন, 2018 ৰ শীৰ্ষত অসম
author img

By

Published : Jan 11, 2020, 6:12 PM IST

নেশ্বনেল ডেস্ক, 11 জানুৱাৰীঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যিসময়ত উত্তৰ-পূৱ ভাৰত বিশেষকৈ অসমৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া বুলি ঘোষণা কৰি থকাৰ সময়তে National Crime Records Bureau (NCRB) য়ে প্ৰকাশ কৰিছে এক ভয়াবহ তথ্য ৷

NCRB প্ৰতিবেদন, 2018 অনুসৰি, এই বৰ্ষত অসমত সৰ্বাধিক 66 টাকৈ ধৰ্ষণৰ গোচৰ ৰুজু হৈছে ৷ অসমৰ পাচতে আছে মধ্য প্ৰদেশ ( 46), উত্তৰ প্ৰদেশ (41) আৰু হাৰিয়ানাৰ স্থান (26) ৷ এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই জানিবলৈ দিয়া অনুসৰি, "এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যিহেতু বহু ঘটনা আৰক্ষী থানাত ৰুজু নোহোৱাকৈ থাকে ৷" আনহাতে, 2017 চনৰ তুলনাত 2018 চনত বহুখিনি বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা ৷ NRCB প্ৰতিবেদন অনুসৰি, 2017 চনত সমগ্ৰ দেশতে 223 টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল আৰু এই সংখ্যা 2018 চনত বৃদ্ধি পাই 291 টা হয়গৈ ৷

2017 চনত মহাৰাষ্ট্ৰত 26 টা আৰু মধ্য প্ৰদেশত 21 টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল ৷ 2017 চনৰ তুলনাত 2018 চনত এই ঘটনা 31 শতাংশ বৃদ্ধি পাইছে ৷

NCRB প্ৰতিবেদন অনুসৰি, মহিলাৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ ঘটনাৰ ক্ষেত্ৰতো অসমৰ স্থান সমগ্ৰ দেশৰ ভিতৰতে শীৰ্ষত ৷ অসমত 295 টা এনে অপৰাধৰ গোচৰ ৰুজু হোৱাৰ বিপৰীতে 208 টা গোচৰেৰে দ্বিতীয় স্থানত আছে উড়িশা ৷ এই প্ৰতিবেদন অনুসৰি, অপৰাধৰ ক্ষেত্ৰত মহিলা আৰু শিশুসকলেই 2018 চনত আটাইতকৈ অসুৰক্ষিত হিচাপে চিহ্নিত হৈছে৷ প্ৰতি এক লাখ মহিলাৰ বিপৰীতে 2018 চনত অপৰাধৰ হাৰ আছিল 58.8 শতাংশ, আনহাতে, 2017 চনত এই হাৰ আছিল 57.9 শতাংশ ৷ 2018 চনত মহিলাৰ বিৰুদ্ধে চাইবাৰ অপৰাধ চ'ছিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে সৰ্বাধিক হোৱা বুলি NCRB প্ৰতিবেদনে প্ৰকাশ কৰিছে৷

এই প্ৰতিবেদন অনুসৰি, অসমৰ লগতে অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ছিক্কিমে বহু অপৰাধৰ তথ্যৰ স্পষ্টীকৰণ বৰ্তমানেও প্ৰদান কৰা নাই ৷ সেয়েহে এই ৰাজ্যকেইখনৰ তথ্যসমূহ বৰ্তমান 'সাময়িক' বুলিহে গণ্য কৰা হ'ব বুলি মন্তব্য কৰে এগৰাকী বিষয়াই ৷

আৰু পঢ়ক : CAA ৰ প্ৰতিবাদৰ মাজতে পশ্চিমবংগত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.