নিউজ ডেস্ক, ২৫ জুন : ছত্তিশগড়ৰ সুকমা জিলাত পথ নিৰ্মাণত ব্যৱহাৰ কৰা ৬ খন বাহন আৰু ব্যৱহৃত সা-সামগ্ৰী নক্সাল বাহিনীৰ দল এটাই অগ্নি সংযোগ কৰে । বৃহস্পতিবাৰে আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ।
সুকমা জিলাৰ আৰক্ষী অধীক্ষক সালভ সিনহাই জনোৱা অনুসৰি, বুধবাৰে নিশা কুকনাৰ আৰক্ষী থানাৰ অন্তৰ্গত ধনিকংকাটো গাঁৱত সংঘটিত হৈছে এই ঘটনা । য'ত পথ নিৰ্মাণ কামত ব্যৱহাৰ কৰা হৈছিল উক্ত সামগ্ৰী সমূহ ।
প্ৰাৰম্ভিক অনুসন্ধানত সদৰি কৰা তথ্য অনুসৰি, ৰাজধানী ৰায়পুৰৰ পৰা পায় ৪৫০ কিলোমিটাৰ আঁতৰৰ গাঁওখনত এটা বৃহৎ দল উপস্থিত হৈছিল আৰু তেওঁলোকে তাত থকা তিনিখন ট্ৰা'ক, ২ খন JCB আৰু এটা পাকলেন মেচিনত অগ্নিকাণ্ড সংঘটিত কৰিছিল । অগ্নিকাণ্ড সংঘটিত কৰা বাহন কেইখন এজন ঠিকাদাৰৰ বুলি জানিব পৰা গৈছে ।
![naxals-torch-vehicles-machines-at-road-construction-site](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03:33:51:1593079431_7762477_n.jpg)
জানিব পৰা মতে, দিনত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি উক্ত বাহন কেইখন গাঁওখনৰে এটা শিবিৰত থোৱাৰ অনুমতি প্ৰদান কৰিছিল প্ৰশাসনে । উক্ত ঘটনা সংঘটিত হোৱাৰ পিচতে সেই স্থানত প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা প্ৰদান কৰা হৈছে ।
উল্লেখযোগ্য যে, ৰাজ্যখনত নক্সালবাদীয়ে সময়ে-সময়ে পথ নিৰ্মাণত বাধা প্ৰদান কৰি আহিছে ।
লগতে পঢ়ক : পশ্চিমবংগত কঠোৰভাৱে লকডাউন ঘোষণা কৰিব লাগেঃ দিলীপ ঘোষ