নেশ্বনেল ডেস্ক, 29 ছেপ্টেম্বৰ : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে ভাৰতীয় নৌসেনা সম্পৰ্কত মন্তব্য আগবঢ়াইছে ৷ সিঙে মন্তব্য কৰে, "মই সম্পূৰ্ণ আত্মবিশ্বাসেৰে ক'ব পাৰিম যে, ভাৰতীয় নৌসেনা যিকোনো প্ৰত্যাহ্বানৰ বাবে সাজু হৈ আছে ৷ ইয়াত সন্দেহৰ কোনো অৱকাশ নাই ৷"
-
Spent 24 hours at INS Vikramaditya. This Aircraft Carrier is the ‘Sikandar of Samundar’.
— Rajnath Singh (@rajnathsingh) September 29, 2019 " class="align-text-top noRightClick twitterSection" data="
Visiting ‘Vikramaditya’ was one of the most memorable experiences of my life. A Day at Sea has given me a new perspective about the capabilities and power of the @indiannavy.’ pic.twitter.com/n4Y4ffwNqY
">Spent 24 hours at INS Vikramaditya. This Aircraft Carrier is the ‘Sikandar of Samundar’.
— Rajnath Singh (@rajnathsingh) September 29, 2019
Visiting ‘Vikramaditya’ was one of the most memorable experiences of my life. A Day at Sea has given me a new perspective about the capabilities and power of the @indiannavy.’ pic.twitter.com/n4Y4ffwNqYSpent 24 hours at INS Vikramaditya. This Aircraft Carrier is the ‘Sikandar of Samundar’.
— Rajnath Singh (@rajnathsingh) September 29, 2019
Visiting ‘Vikramaditya’ was one of the most memorable experiences of my life. A Day at Sea has given me a new perspective about the capabilities and power of the @indiannavy.’ pic.twitter.com/n4Y4ffwNqY
লগতে তেওঁ কয়, "পাকিস্তানে ভাৰতক অনিষ্ট সাধনৰ বাবে চেষ্টা কৰি আহিছে ৷ কিন্তু নৌসেনা আৰু উপকূলীয় সুৰক্ষা বলে পাকিস্তানৰ এই কাৰ্যক ৰোধ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ আমি 26/11 পাহৰিব নোৱাৰো ৷ সেই আক্ৰমণৰ সময়ত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কোনো ক্ৰুটি থাকি গৈছিল যদি তাৰ পুনৰাবৃত্তি কৰা নহয় ৷ নৌসেনা সকলো সময়তে সজাগ হৈ আছে ৷"
![ৰাজনাথ সিং](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4591058_1.jpg)
উল্লেখ্য যে, প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতীয় নৌসেনাৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ বিক্ৰমাদিত্যত শুকুৰবাৰৰ নিশা পাৰ কৰিছিল ৷ ইয়াৰোপৰি, 29 ছেপ্টেম্বৰৰ পুৱা নৌসেনাৰ বিষয়াসকলৰ সৈতে যোগাভ্যাস কৰিছিল ৰাজনাথ সিঙে ৷