ETV Bharat / bharat

পুনৰ বিজেডিৰ সভাপতি পদত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক

author img

By

Published : Feb 26, 2020, 5:27 PM IST

পুনৰ বিজেডিৰ সভাপতি হিচাপে নিৰ্বাচিত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক ৷ এই পদৰ বাবে পুনৰ নিৰ্বাচন হোৱাৰ পিচত মনোনয়ন পত্ৰ দাখিল কৰা নবীন পাটনায়কে একমাত্ৰ নেতা ৷ বুধাবাৰে ৰিটাৰ্ণিং বিষয়া পি.কে দেৱে নবীন পাটনায়কক সভাপতি হিচাপে ঘোষণা কৰে ৷

Naveen Patnaik re-elected as BJD president for 8th time
পুনৰ বিজেডিৰ সভাপতি পদত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক

নেশ্যনেল ডেস্ক, 26 ফেব্ৰুৱাৰীঃ ক্ৰমাগতভাৱে অষ্টমবাৰলৈ বিজেডিৰ সভাপতি হিচাপে নিৰ্বাচিত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক ৷ এই পদৰ বাবে পুনৰ নিৰ্বাচন হোৱাৰ পিচত মনোনয়ন পত্ৰ দাখিল কৰা নবীন পাটনায়কেই একমাত্ৰ নেতা ৷ বুধাবাৰে ৰিটাৰ্ণিং বিষয়া পি.কে দেৱে নবীন পাটনায়কক সভাপতি হিচাপে ঘোষণা কৰে ৷ বিজেডি দলৰ 73 বছৰীয়া বৰ্ষীয়ান নেতাগৰাকীয়ে ওড়িশাৰ বিগত বৰ্ষৰ বিধানসভা নিৰ্বাচনত নিৰংকুশভাৱে জয়লাভ কৰি একেৰাহে পঞ্চমবাৰলৈ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ৷ উল্লেখ্য যে ওড়িশাৰ আঞ্চলিক দল বিজু জনতা দল 1997 চনৰ 26 ডিচেম্বৰত গঠিত হৈছিল ৷

সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিচত পাটনায়কে বিজেডি দলে নিৰ্বাচনত জয় বা পৰাজয়ক লৈ অংশগ্ৰহণ নকৰে ৷ ওড়িশাৰ জনসাধাৰণৰ মৰম-চেনেহৰ বাবেই বিজেডি দলে শাসনভাৰ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷ আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে ওড়িশাৰ 4.5 কোটি জনতাক ধন্যবাদ জ্ঞাপন কৰে ৷

উল্লেখ্য যে বিজেডি দলীয় নিৰ্বাচন কেইবাটাও পৰ্যায়ত অনুষ্ঠিত হৈছে ৷ বুধবাৰে দলীয় মুখ্য কাৰ্যালয়ত ইয়াৰ ফলাফল ঘোষণা কৰা হয় ৷ এই নিৰ্বাচনত 355 গৰাকী পৰিষদীয় সদস্য তথা 80 গৰাকী কাৰ্যনিৰ্বাহক সদস্য 21 ফেব্ৰুৱাৰীত নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হৈছিল ৷ ইয়াৰোপৰি 33 গৰাকী জিলা সভাপতি নিৰ্বাচিত কৰা হৈছে এই নিৰ্বাচনৰ জৰিয়তে ৷ উল্লেখ্য যে বিজেডিৰ দলীয় নিৰ্বাচন প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় ৷

আৰু পঢ়কঃদিল্লী হিংসা : মৌজপুৰ এলেকাত আৰক্ষী চিআইএছএফৰ তহলদাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.