ETV Bharat / bharat

ৰাষ্ট্ৰীয়তাবাদ আত্মৰক্ষামূলক হ'ব নালাগে : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ

গুজৰাটৰ কেভাড়িয়াত চলি থকা ষষ্ঠ ইণ্ডিয়া আইডিয়া কনক্লেভত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয়তাবাদ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৷ বৰ্তমান সময়ৰ এটা উল্লেখনীয় বৈশিষ্ট্য হৈছে বৰ্ধিত ৰাষ্ট্ৰীয়তাবাদ আৰু দেশসমূহে ইয়াক লৈ আত্মৰক্ষাত্মক হ'ব নালাগে ৷ জৈৱ বৈচিত্ৰ্য পৰিৱৰ্তন, মৌলবাদ, সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু মহামাৰীৰ দৰে বিষয়সমূহত ভাৰতৰ যোগদানে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে বুলি কয় দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৷

author img

By

Published : Feb 29, 2020, 1:30 PM IST

ৰাষ্ট্ৰীয়তাবাদ আত্মৰক্ষামূলক হ'ব নালাগে
ৰাষ্ট্ৰীয়তাবাদ আত্মৰক্ষামূলক হ'ব নালাগে : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ

নিউজ ডেস্ক, 29 ফেব্ৰুৱাৰী : গুজৰাটৰ কেভাড়িয়াত চলি থকা ষষ্ঠ সংখ্যক ইণ্ডিয়া আইডিয়া কনক্লেভত অংশগ্ৰহণ কৰি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ সুব্ৰমনিয়াম জয়শংকৰে ৷ "New India: Turning to Roots, Rising to Heights" শীৰ্ষবাক্যৰে চলিত এই সমাৱেশত অংশগ্ৰহণ কৰে দেশৰ বহুকেইগৰাকী কেন্দ্ৰীয় তথা ৰাজ্যিক মন্ত্ৰীৰ লগতে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলে ৷

সমাৱেশত অংশগ্ৰহণ কৰি দেশৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে, "বৰ্তমান সময়ৰ এটা উল্লেখনীয় বৈশিষ্ট্য হৈছে বৰ্ধিত ৰাষ্ট্ৰীয়তাবাদ আৰু দেশসমূহে ইয়াক লৈ আত্মৰক্ষাত্মক হ'ব নালাগে ৷ বিশ্বৰ বিভিন্ন ভৌগলিক খণ্ডত বিভিন্ন ধৰনেৰে ৰাষ্ট্ৰীয়তাবাদে বৈধ গণতান্ত্ৰিক ধাৰনাৰে নিজক উত্থাপন কৰিছে ৷ ইয়াৰ অন্যতম উদাহৰণ হিচাপে পৰিগণিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীনৰ উত্থান, ব্ৰেক্সিট আৰু ৰাছিয়াৰ শক্তিশালী ৰাজনৈতিক স্থিতি ৷"

"ভাৰতে জৈৱ বৈচিত্ৰ্য পৰিৱৰ্তন, মৌলবাদ, সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু মহামাৰীৰ দৰে বিষয়সমূহত অধিক গুৰুত্ব প্ৰদান কৰি আন্তঃৰাষ্ট্ৰীয় স্তৰত পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে ৷ ৰাষ্ট্ৰীয়তাবাদৰ উত্থানক বুজিবলৈ হ'লে, সকলো ৰাষ্ট্ৰীয়তাবাদক একেডাল ৰেখাৰে মাপ কৰিব নালাগে, কিয়নো এনেকুৱা হ'লে কিছুমান দেশৰ বিৰুদ্ধে চক্ৰান্ত গঢ়ি উঠিব পাৰে ৷ চীন নাইবা ৰাছিয়াৰ দৰে দেশৰ বাবে ৰাষ্ট্ৰীয়তাবাদ আত্মৰক্ষাত্মক হ'ব নালাগে ৷ ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় বিষয়ত শক্তিশালী প্ৰভূত্ব গঢ়ি উঠিব পাৰে, নাইবা বহুবছৰ ধৰি প্ৰৱল হেঁচাত থাকিলে এই প্ৰভাৱ পুনৰ উত্থাপিত হৈ পৰে ৷ বিশ্বৰ বহুক্ষেত্ৰত ৰাষ্ট্ৰীয়তাবাদে প্ৰাকৃতিক ৰূপত আত্মপ্ৰকাশ কৰি মূল শিপাডাল গঢ় দিয়াৰ লগতে তেওঁলোকৰ স্বাধীনতাকে প্ৰতিফলিত কৰে ৷ আজিৰ দিনত ভাৰতে এখন ৰাষ্ট্ৰ হিচাপে গণতন্ত্ৰৰ প্ৰবাহ প্ৰতিফলিত কৰি ইয়াৰ মূল শিপাডালৰ লগতে, ঐতিহ্য আৰু পৰম্পৰাক প্ৰতিনিধিত্ব কৰিছে ৷" ৰাষ্ট্ৰীয়তাবাদ সন্দৰ্ভত এইদৰে কয় ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ৷

ৰাষ্ট্ৰীয়তাবাদ দেশৰ অন্যতম বৈশিষ্ট্য : জয়শংকৰ

ভাৰতৰ ৰাষ্ট্ৰীয়তাবাদ সন্দৰ্ভত, "ভাৰতৰ বৰ্ধিত ক্ষমতা আৰু প্ৰভাৱে স্পষ্টৰূপত বৈশ্বিক সন্তুলনক আকাৰ দিয়াৰ লগতে বহু ধ্ৰুবীয়তাক নিৰ্ধাৰন কৰিব ৷ স্বভাৱগত শক্তিৰ ৰূপত ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে আৰু ইয়ে ভাৰতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাংস্কৃতিক সন্তুলন গঢ়ি তোলাত সহায় কৰিব ৷" এইদৰে মন্তব্য কৰে সুব্ৰমনিয়াম জয়শংকৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.