ETV Bharat / bharat

মিজোৰামত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন

author img

By

Published : Jan 12, 2021, 9:26 PM IST

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে অসম ৰাইফলছৰ ব্যতিক্ৰমী পদক্ষেপ ৷ মিজোৰামৰ কেইবাখনো গাঁৱত ড্ৰাগছ বিৰোধী অভিযানৰ জৰিয়তে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে অসম ৰাইফলছে ৷

national-youth-day-celebrated-in-mizoram
মিজোৰামত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন

আইজল, 12 জানুৱাৰী : ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে অসম ৰাইফলছে মিজোৰামৰ ছেৰচিপ, লুংগলাৱন আৰু জখাৱথাৰ গাঁৱত বৃহৎ আকাৰত ড্ৰাগছ বিৰোধী অভিযানৰ আয়োজন কৰে ৷ অসম ৰাইফলছৰ দ্বাৰা সমগ্ৰ ৰাজ্যতে চলোৱা ড্ৰাগছ বিৰোধী অভিযানৰ অংশ স্বৰূপে মঙলবাৰে ৰাষ্ট্ৰীয় যুৱ দিৱসৰ দিনটোত এই অভিযানত বিশেষ গুৰুত্ব দিয়ে ৷

মঙলবাৰে আয়োজিত কাৰ্যসূচীত যুৱক সকলক ড্ৰাগছ বা অন্য নিচাজাতীয় দ্ৰৱ্যৰ ব্যৱহাৰৰ কুপ্ৰভাৱ সম্পৰ্কে সজাগতা সৃষ্টিৰ চেষ্টা কৰে ৷ উক্ত অভিযানত উপস্থিত ছাত্ৰ-ছাত্ৰী তথা অন্য স্থানীয় লোক সকলে নিচা জাতীয় দ্ৰৱ্য ব্যৱহাৰৰ নকৰাৰ প্ৰতিজ্ঞা কৰাৰ লগতে সুন্দৰ ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷ সজাগতা অভিযানৰ জৰিয়তে নিচাজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা বিভিন্ন ৰোগ সন্দৰ্ভতো উপস্থিত ৰাইজক অৱগত কৰোৱা হয় ৷

অসম ৰাইফলছে আয়োজন কৰা এনে প্ৰসংশনীয় পদক্ষেপৰ বাবে স্থানীয় ৰাইজে অসম ৰাইফলছক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক : অসম আৰক্ষীক প্ৰশংসা পৰিৱেশবিদ তথা ক্ৰিকেটাৰ কেভিন পিটাৰচেনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.