নিউজ ডেস্ক, 14 জুলাই : নাগালেণ্ড আৰক্ষী আৰু আসাম ৰাইফলছৰ যৌথ অভিযানত 3 গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
-
#NEOps
— EasternCommand_IA (@easterncomd) July 14, 2020 " class="align-text-top noRightClick twitterSection" data="
Troops of #AssamRifles in a joint #Operation with @DGP_NAGALAND apprehended 3 persons & recovered illegal arms, ammunition & contraband liquor from 4th Mile, Dimapur, Nagaland on 13 July.@adgpi@SpokespersonMoD@official_dgar pic.twitter.com/46fQEsjkSh
">#NEOps
— EasternCommand_IA (@easterncomd) July 14, 2020
Troops of #AssamRifles in a joint #Operation with @DGP_NAGALAND apprehended 3 persons & recovered illegal arms, ammunition & contraband liquor from 4th Mile, Dimapur, Nagaland on 13 July.@adgpi@SpokespersonMoD@official_dgar pic.twitter.com/46fQEsjkSh#NEOps
— EasternCommand_IA (@easterncomd) July 14, 2020
Troops of #AssamRifles in a joint #Operation with @DGP_NAGALAND apprehended 3 persons & recovered illegal arms, ammunition & contraband liquor from 4th Mile, Dimapur, Nagaland on 13 July.@adgpi@SpokespersonMoD@official_dgar pic.twitter.com/46fQEsjkSh
ভাৰতীয় সেনাই এক টুইটত উল্লেখ কৰিছে যে,নাগালেণ্ড আৰক্ষীৰ সৈতে আসাম ৰাইফলছৰ NEOP সেনাৰ এক যৌথ অভিযানত 3 গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে 13 জুলাইত নাগালেণ্ডৰ ডিমাপুৰৰ পৰা অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷
ইয়াৰ উপৰিও,অসম আৰক্ষীৰ সৈতে আসাম ৰাইফলছৰ এক যৌথ অভিযানত 12 জুলাইত অসমৰ তিনিচুকীয়া জিলাৰ লালপাহাৰ অঞ্চলৰ পৰা ইউনাইটেড লিবাৰেশ্বন ফ্ৰন্ট আৰু আলফাৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷
জানিব পৰা মতে,এক গোপন সূত্ৰৰ পম খেদি লখানি ক্ষেত্ৰত এক গোপন অভিযান চলাইছিল ৷ আৰক্ষীয়ে জনোৱা অনুসৰি,গ্ৰেপ্তাৰ কৰা লোকজনৰ পৰিচয় এছ এছ কৰ্ণেল হিচাপে জনা গৈছিল ৷ লগতে,গ্ৰেপ্তাৰ কৰা লোকজনক তিনিচুকীয়া আৰক্ষীক গতাই দিয়ে বুলি জানিব পৰা গৈছে ৷
ইয়াৰ উপৰিও,জুন মাহত আলফাৰ এজন সদস্যক ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ অভিযানত কাকোডুংগা অঞ্চলত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক : জালুকবাৰী সমষ্টিত অস্থায়ী শিবিৰ স্থাপন বানাক্ৰান্তৰ