ETV Bharat / bharat

নগা চুক্তিয়ে তিনি ৰাজ্যৰ ভৌগোলিক অখণ্ডতাত ব্যাঘাত নজন্মাই : তাপিৰ গাও

নগা চুক্তি সম্পৰ্কত ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ প্ৰদান কৰে অৰুণাচলৰ লোকসভা সাংসদ তাপিৰ গাৱে ৷ এই চুক্তিয়ে অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ ভৌগোলিক অখণ্ডতাত ব্যাঘাত নজন্মাই বুলি মন্তব্য কৰে তাপিৰ গাৱে ৷

নগা চুক্তি
উত্তৰ-পূৱ ভাৰত
author img

By

Published : Dec 6, 2019, 10:00 PM IST

নেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ : গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক নিশ্চিতি প্ৰদান কৰিছে যে, প্ৰস্তাৱিত 'নগা চুক্তি'ত অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু অসমৰ ভৌগোলিক অখণ্ডতাৰ সৈতে কোনো আপোচ কৰা নহ'ব ৷

আনহাতে, চৰকাৰী এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, খ্ৰীষ্টমাছৰ পূৰ্বে বহু প্ৰতিক্ষিত নগা চুক্তি ঘোষণা কৰা হ'ব ৷

অৰুণাচল প্ৰদেশৰ লোকসভা সাংসদ তাপিৰ গাৱে মন্তব্য কৰে, "নগা চুক্তিত অৰুণাচল প্ৰদেশৰ ভৌগোলিক অখণ্ডতাৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰা হ'ব বুলি সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী পেমা খাণ্ডুক আশ্বাস প্ৰদান কৰিছে ৷"

অৰুণাচলৰ লোকসভা সাংসদ তাপিৰ গাও

তাপিৰ গাৱে লগতে কয় যে, এই তিনিখন ৰাজ্যৰ জনসাধাৰণৰ অনুভূতি আৰু আৱেগৰ ওপৰত ভিত্তি কৰিহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি শ্বাহে নিশ্চিতি প্ৰদান কৰিছে৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিজেপি সাংসদগৰাকীয়ে কয়, "ভৌগোলিক অখণ্ডতাৰ সৈতে আপোচ কৰা নহ'ব বুলি অসম আৰু মনিপুৰৰ মুখ্যমন্ত্ৰীয়েও শ্বাহক জানিবলৈ দিছে ৷"

উল্লেখ্য যে, 'নগা চুক্তি'ৰ ফলত এই তিনি ৰাজ্যত প্ৰভাৱ পৰাৰ আশংকাত ৰাজ্যকেইখনত কিছু সপ্তাহ ধৰি তীব্ৰ বিক্ষোভ চলি আহিছে ৷

এই বিষয়টোত স্পষ্টীকৰণ দাবী কৰি অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ সঁজাতী দলে গৃহ মন্ত্ৰণালয়ৰ বিষয়ববীয়াৰ ওচৰ চাপিছিল ৷

মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অকৰাম ইবোবি সিঙে এই চুক্তিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

1997 চনৰ পৰাই চৰকাৰ আৰু নগা উগ্ৰপন্থী সংগঠন এনএছচিএন (আইএম) য়ে ৰাজ্যখনত শান্তি ঘূৰাই আনিবৰ বাবে আলোচনাত বহিছিল৷

'বৃহত্তৰ নাগালিম' এলেকাত অসম, মনিপুৰ আৰু অৰুণাচল প্ৰদেশৰ নগা অধিকৃত অঞ্চলসমূহ অন্তৰ্ভূক্ত কৰিব লাগে বুলি এনএছচিএনে দাবী জনাইছিল ৷

কিন্তু এই দাবীক কেন্দ্ৰীয় চৰকাৰে অমান্য কৰিছিল ৷

সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, কেন্দ্ৰীয় চৰকাৰে কিছু হিতাধিকাৰীৰ সৈতে আলোচনা কৰিবলৈ এতিয়াও বাকী আছে ৷

অমিত শ্বাহে জানিবলৈ দিছিল যে, শান্তি চুক্তি ঘোষণাৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে হিতাধিকাৰীসকলৰ পৰামৰ্শ গ্ৰহণ কৰিব ৷

Intro:New Delhi: Home Minister Amit Shah has assured Arunachal Pradesh Chief Minister Pema Khandu that territorial integrity of Arunachal Pradesh, Manipur and Assam will not be compromised in the proposed 'Naga Accord'.

Sources in the government, meanwhile, said that the much hyped Naga Accord may be announced before coming Chirstmas.

Body:"Hon'ble Home Minister Amit Shah has assured our Chief Minister Pema Khandu that territorial integrity of Arunachal Pradesh will not be compromised in the Naga Accord," said Tapir Gao, Lok Sabha MP from Arunachal Pradesh.

Tapir Gao said that in a recent meeting between Amit Shah and Pema Khandu it was conveyed that 'sentiment and emotion' of the people of these three states will be kept in mind.

"Chief Miniater of Assam and Manipur have also conveyed to Home Minister that territorial integrity will not be compromised," said the BJP MP while talking to ETV Bharat.

For the last few weeks, commotion went high in Assam, Manipur and Arunachal Pradesh following reports that 'Naga Accord' might impact the territorial integrity of these three states.

Delegation from Assam, Manipur and Arunachal Pradesh have met Home Ministry officials to get clarity on the issue.

In fact, former Chief Minister of Manipur Okram Ibobi Singh has also staged a protest demonstration opposing the reported move of compromising the territorial integrity of Manipur.

Conclusion:It was since 1997 that Government and NSCN (IM), a Naga militant group, are in talks to bring an ever lasting peace in the region.

The NSCN (IM) has earlier demanded inclusion of Naga inhabited areas of Assam, Manipur and Arunachal Pradesh in 'Greater Nagalim' area. The demand was, however, denied by the Centre.

Sources in the government said that the final Peace Accord will be announced before Chirstmas.

"Talks with a few stakeholders are yet to take place over the issue," sources said.

In fact, Home Minister Amit Shah had earlier said that all the stakeholders will be consulted before central government announce any Peace Accord.

end.

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.