ETV Bharat / bharat

সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জে পি নাড্ডা - silchar

ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে বিজেপিয়ে বিগত কেইবছৰত অসমৰ বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত ৰাজনৈতিক ভেটি গঢ়ি তুলিছে ৷ আগন্তক নিৰ্বাচনত দলটোৱে বৰাকৰ ১৫খন আসনেই দখলৰ লক্ষ্য কৰি লৈছে । যাৰবাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বৰাক উপত্য়কাৰ পৰা অসমত তেওঁৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৷

Nadda on 2-day Assam visit from Monday, to address rally in Silchar
সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জে পি নড্ডা
author img

By

Published : Jan 10, 2021, 10:26 PM IST

নিউজ ডেস্ক, 10 জানুৱাৰী : আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে সোমবাৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ তেওঁ অসমত উপস্থিত হৈয়ে শিলচৰত এখন ৰাজহুৱা সমদলত অংশগ্ৰহণ কৰিব ৷ বিজেপি দলৰ শীৰ্ষ নেতাই দেওবাৰে সদৰি কৰে এই কথা । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এখন ৰাজহুৱা সভা সম্বোধন কৰাৰ পাছত দলৰ জ্যেষ্ঠ নেতাসকলক সাক্ষাৎ কৰিব । সভাখনত জে পি নাড্ডাৰ লগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকিব আৰু সভাখন সম্বোধন কৰিব ৷

আনহাতে, মঙলবাৰে নাড্ডা দিল্লীলৈ উভতি যোৱাৰ আগতে গুৱাহাটীত উপস্থিত হৈ কামাখ্যা মন্দিৰ দৰ্শন কৰিব । উল্লেখ্য যে, বিজেপিৰ সভাপতিগৰাকীয়ে শনিবাৰে পশ্চিমবংগত বিভিন্ন দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল । ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে বিজেপিয়ে বিগত কেইবছৰত অসমৰ বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত ৰাজনৈতিক ভেটি গঢ়ি তুলিছে ৷ ১৯৯১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে বৰাক উপত্যকাৰ ১৫ খন আসনৰ ভিতৰত ৯ খন আসন লাভ কৰিছিল ।

আগন্তক নিৰ্বাচনত দলটোৱে ১৫খন আসনেই দখলৰ লক্ষ্য কৰি লৈছে । যাৰবাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বৰাক উপত্য়কাৰ পৰা অসমত তেওঁৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, পশ্চিমবংগ, তামিলনাডু আৰু কেৰালাৰ সৈতে অসমত এপ্ৰিল-মে’ মাহত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় দলেৰে সনা-পিটিকা কৰা আঞ্চলিক দলৰ সৈতে মিত্ৰতা নহয় : লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.