ETV Bharat / bharat

হিন্দু লোকৰ শেষকৃত্য সম্পন্ন কৰি মানৱতাৰ নিদৰ্শন একাংশ মুছলমান লোকৰ

author img

By

Published : Apr 14, 2020, 5:32 PM IST

ৰাজস্থানৰ জয়পুৰৰ মুছলমান সম্প্ৰদায়ৰ একাংশ লোকে দাঙি ধৰিলে মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন । আত্মীয় লোকৰ অনুপস্থিতিত এগৰাকী হিন্দু লোকৰ শেষকৃত্য সম্পন্ন কৰিলে একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে ।

Muslims shoulder Hindu man's bier in Jaipur after relatives fails to reach

নেশ্যনেল ডেস্ক, 14 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ ত্ৰাসে সমগ্ৰ মানৱ জাতিলৈ এক অভূতপূৰ্ব প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, যদিও কোনো কোনো ক্ষেত্ৰত ই মানুহে মানুহৰ বাবে ঠিয় হৈ সহায়ৰ বাবে আগবাঢ়ি অহাৰো সুযোগ প্ৰদান কৰিছে । তাৰেই উদাহৰণ বহন কৰিছে ৰাজস্থানৰ জয়পুৰৰ মুছলমান সম্প্ৰদায়ৰ একাংশ লোকে । জয়পুৰৰ একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে এনে কঠিন সময়ত দাঙি ধৰিলে সামুহিক ঐক্যতাৰ নিদৰ্শন ।

COVID-19ৰ সংক্ৰমণৰ শংকাত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা এগৰাকী হিন্দু লোকৰ শেষকৃত্য সম্পন্ন কৰিবলৈ অস্বীকাৰ কৰে তেওঁলোকৰ আত্মীয়ই । তেনেস্থলত মৃত লোকগৰাকীৰ চুবুৰীয়া একাংশ মুছলমান লোকে, সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে মৃতদেহৰ শেষকৃত্য সম্পন্ন কৰে ।

হিন্দু লোকৰ শেষকৃত্য সম্পন্ন কৰি মানৱীয়তাৰ নিদৰ্শন একাংশ মুছলমান লোকৰ

জয়পুৰৰ অন্তৰ্গত বজৰঙ্গ নগৰৰ ভট্ট বস্তিত বাস কৰিছিল ৰাজেন্দ্ৰ নামৰ লোকগৰাকী । তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল আৰু জয়পুৰৰ এখন চৰকাৰী চিকিৎসালয়ত তেওঁৰ চিকিৎসা চলি আছিল । কিন্তু সোমবাৰে ৰাজেন্দ্ৰ নামৰ লোকগৰাকীয়ে মৃত্যুক সাৱটি লয় ।

কিন্তু, তেওঁৰ মৃতদেহ সৎকাৰ এক প্ৰত্যাহ্বান হৈ পৰে । কিয়নো তেওঁৰ পৰিয়ালত কোনো পুৰুষ সদস্য নাছিল আৰু তেওঁৰ আন কোনো আত্মীয়ই লক্ ডাউনৰ ফলত তেওঁৰ অন্তিম সংস্কাৰৰ বাবে জয়পুৰলৈ যাব পৰা নাছিল । লগতে কৰ'ণা ভাইৰাছৰ শংকাও তেওঁলোকৰ মনত বিদ্যমান আছিল । তেওঁলোকৰ আশে-পাশে কোনো হিন্দু লোক নথকাৰ বাবে মুছলমান চুবুৰীয়াসকলেই, আন কেইগৰাকীমান মুছলমান লোকৰ সহযোগত মৃত লোকগৰাকীৰ অন্তিম সৎকাৰ কৰে ।

সেই অঞ্চলত থকা সকলো মুছলমান সম্প্ৰদায়ৰ লোক আহি মৃতদেহটো সৎকাৰ বাবে প্ৰস্তুত কৰি শ্মশানলৈ নি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে । পাপু কুৰেশ্বি নামৰ এগৰাকী চুবুৰীয়া লোকে তেওঁলোকৰ এই কাৰ্যক ৰাজনৈতিক স্বাৰ্থৰ বাবে সাম্প্ৰদায়িক ভেদাভেদৰ সৃষ্টি কৰা লোকসকলৰ বাবে এক উৎকৃষ্ট নিদৰ্শন বুলি উল্লেখ কৰে ।

লগতে পঢ়কঃ কাৰ বিৰুদ্ধে যুঁজিব ভাৰতে : কৰ’ণা নে পাকিস্তান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.