নিউজ ডেস্ক, 25 জুন : মুম্বাইৰ ল'ৱাৰ পাৰেল অঞ্চলত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অঞ্চলটোৰ ৰঘুবংশী মিলৰ অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ড। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত ৮ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
উল্লেখ্য যে, বৃহস্পতিবাৰৰ দিনটোত চহৰখনত সংঘটিত হয় তিনিটাকৈ অগ্নিকাণ্ডৰ ঘটনা। ইয়াৰ পূৰ্বে দক্ষিণ মুম্বাইৰ নাৰিমান পইণ্ট এলেকাত 'বেংক অৱ বহৰীণ আৰু কুৱেইট'ৰ কাৰ্যালয়ত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা। এই বেংকটো জলি মেকাৰ চেম্বাৰ২ অট্টালিকাত অৱস্থিত আছিল।
![Mumbai: Massive fire breaks out at Raghuvanshi Mills](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03:19:07:1593078547_fire1593078182854-90_2506email_1593078193_87.jpg)
সমান্তৰালভাৱে, বৃহস্পতিবাৰে পুৱাই অন্ধেৰিৰ মৰোঁল অঞ্চলত সংঘটিত হৈছিল প্ৰথমটো অগ্নিকাণ্ডৰ ঘটনা। নন্দ-ধাম উদ্যোগিক অঞ্চলত লেবেল-২ অগ্নিস্তৰৰ অগ্নিকাণ্ড সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : গুৱাহাটীত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী