নিউজ ডেস্ক, ৬ জুনঃ মহাৰাষ্ট্ৰৰ মুম্বাইকে ধৰি তাৰ চুবুৰীয়া অঞ্চলত আৰম্ভ হৈছে আগতীয়া মৌচুমী । যাৰ বাবে সমগ্ৰ অঞ্চলত হোৱা মুষলধাৰ বৰষুণৰ ফলতেই কৃত্ৰিম বানৰ সন্মুখীন হয় মায়ানগৰী মুম্বাই এটা অঞ্চল । মুম্বাইৰ এই কৃত্ৰিম বানৰ এটি ভিডিঅ' ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত।
আনহাতে, ভাৰতৰ বতৰ বিজ্ঞান বিভাগে সদৰী কৰা অনুসৰি বিগত ৩০ মিনিট ধৰি অহা ধাৰাসাৰ বৰষুণৰ ফলতেই সৃষ্টি হয় কৃত্ৰিম বানৰ । লগতে দেওবাৰে মুম্বাই চহৰ মেঘাছন্ন হৈ থকাৰ লগতে পুনৰ বৰষুণ হোৱাৰ সম্ভৱনা আছে বুলিও সদৰী কৰে বতৰ বিজ্ঞান বিভাগে ।
লগতে চাওকঃ কুৱাৰেন্টাইনত থকা দৰিদ্ৰ লোকৰ মাজত সামগ্ৰী বিতৰণ আজমল ফাউণ্ডেছনৰ