নিউজ ডেস্ক , 10 জুন : সমাজবাদী পাৰ্টী প্ৰধান মোলায়ম সিং যাদৱক, আৰোগ্য হোৱাত চিকিৎসালয়লৈ পৰা অব্যাহতি প্ৰদান কৰে ৷ লখনৌৰ "ৰাম মনোহৰ ল'হিয়া ইন্স্টিটিউট অৱ মেডিকেল চাইন্স"ত চিকিৎসাধীন অৱস্থাত আছিল সমাজবাদী পাৰ্টী প্ৰধান গৰাকী ৷
দেওবাৰে সমাজবাদী পাৰ্টী নেতা জনক, উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হোৱা বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু ড0 ভুৱন চন্দ্ৰ তিৱাৰিয়ে তেওঁৰ চিকিৎসা কৰিছিল ৷ সমাজবাদী পাৰ্টী প্ৰধান গৰাকীৰ ভাতৃ শিৱপাল সিং যাদৱ আৰু প্ৰাক্তন মন্ত্ৰী আহমেদ হাছানে তেওঁক চিকিৎসালয়ত সাক্ষাৎ কৰিবলৈ গৈছিল ৷ সম্প্ৰতি তেওঁ আৰোগ্য হৈ উঠিছে আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁ স্বাভাৱিক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷