নতুন দিল্লী, ১ এপ্ৰিলঃ দিল্লীৰ তৱলিঘী নিজামুদ্দীন ঘটনা সন্দৰ্ভত মন্তব্য কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন মন্ত্ৰী মুখতাৰ অব্বাছ নকভীৰ । ঘটনা সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, এই তৱলিঘী জমাত তালিবানী অপৰাধ তুলনাত কোনো গুণে কম নহয় । এই অপৰাধত জড়িত সকলক ক্ষমা কৰা নহ'ব ।
উল্লেখ্য যে, বিশ্বজুৰি কৰ'ণা ভাইৰাছে আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ সময়তে বিগত মাহত প্ৰথম ভাগত দিল্লীৰ নিজামুদ্দীন ক্ষেত্ৰত তৱলিঘী জমাত অনুষ্ঠিত হৈছিল । জমাতত ভাৰতৰ পৰা ১৫০০ জন লোকে অংশ গ্ৰহণ কৰাৰ উপৰিও বহু সংখ্য়ক বিদেশৰ পৰা অহা লোকে অংশগ্ৰহণ কৰিছিল । আনহাতে, জমাতত অংশ গ্ৰহণ কৰা ৬ জন ব্যক্তিৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় । তাৰোপৰি জমাতত অংশ লোৱা ১০০ জন ব্যক্তিৰ দেহত কৰ'ণাত ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ।