নিউজডেস্ক, 11 ডিচেম্বৰ : বিজেপিৰ সাংসদৰ জ্ঞানৰ নমুনা ৷ অসম সম্পৰ্কে নাজানে বিজেপি সাংসদে ৷ নাই অসমৰ সম্বন্ধে ভৌগলিক জ্ঞান ৷ যাৰ ফলত বুধবাৰে ৰাজ্যসভাৰ মজিয়াত অপমানিত হ'ল অসমীয়াৰ বুকুৰ আমঠু স্বৰূপ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলী ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন জনাবলৈ গৈ মাজুলী সম্পৰ্কত বিতৰ্কিত মন্তব্য মহাৰাষ্ট্ৰৰ বিজেপি সাংসদ ড৹ বিনয় পি সহস্ত্ৰবুদ্ধেৰ ৷ সদনৰ মজিয়াত অসম সম্বন্ধে সম্যক জ্ঞান নথকা সাংসদজনে ক'লে, মাজুলীত কোনো থলুৱা মানুহ নাই ৷ মাজুলীত থকা সকলো মানুহেই অবৈধ অনুপ্ৰৱেশকাৰী ৷ সকলো বাংলাদেশৰ পৰা আহি আশ্ৰয় লৈছে মাজুলীত ৷ সাংসদজনে বাংলাদেশীৰ কথা ক'বলৈ গৈ বস্তিৰ সৈতে তুলনা কৰে মাজুলীক ৷
যি সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ ৰাজ্য অগ্নিগৰ্ভা হৈ আছে, সেই সময়তেই ৰাজ্যসভাৰ সদনত বিধেয়কখন সমৰ্থন কৰিবলৈ গৈ এইদৰে অসমৰ সত্ৰ-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মাজুলীক এইদৰে অপমান কৰিলে সাংসদজনে ৷
এইধৰণৰ একাংশ অবোধ নেতাৰ বাবে আজি বিষম পৰিস্থিতিৰ মুখামুখি হ'ব লগীয়া হৈছে অসম ৷