ETV Bharat / bharat

সদনত নুমলীগড় শোধনাগাৰৰ প্ৰসংগ : ব্যক্তিগতকৰণ সমৰ্থন নকৰে দিলীপ শইকীয়াই

author img

By

Published : Nov 19, 2019, 7:25 PM IST

নুমলীগড় শোধনাগাৰৰ বিষয় সংসদত উত্থাপন কৰিলে সাংসদ দিলীপ শইকীয়াই ৷ নুমলীগড় তেল শোধনাগাৰৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তটো তেওঁ সমৰ্থন নকৰে বুলি মন্তব্য কৰে ৷

দিলীপ শইকীয়া

নিউজ ডেস্ক, 19 নৱেম্বৰ : লোকসভাৰ শীতকালীন অধিবেশনত নুমলীগড় শোধনাগাৰৰ প্ৰসংগ উত্থাপন কৰিলে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ৷ নুমলীগড় শোধনাগাৰৰ বিষয়টো অসমৰ বাবে যথেষ্ট সংবেদনশীল বিষয় বুলি উত্থাপন কৰি সাংসদজনে কয় যে, বিত্ত মন্ত্ৰী তথা ভাৰত চৰকাৰে দেশখনৰ অৰ্থনৈতিক উন্নয়ণৰ বাবে লোৱা পদক্ষেপ সমূহক সম্পূৰ্ণৰূপে সমৰ্থন কৰে যদিও নুমলীগড় তেল শোধনাগাৰৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তটো তেওঁ সমৰ্থন নকৰে ৷

উল্লেখ্য যে, নুমলীগড় তেল শোধনাগাৰৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তক লৈ ৰাজ্যজুৰি প্ৰতিবাদ কৰিছিল বিভিন্ন দল সংগঠনে ৷ শেহতীয়াকৈ মঙলদৈৰ সাংসদগৰাকীয়ে অসমৰ বৃহত্তৰ স্বাৰ্থত অসম অন্দোলনৰ প্ৰসংগ উত্থাপন কৰি শোধনাগাৰটো ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বিৰোধিতা কৰে ৷

সংসদত নুমলীগড় শোধনাগাৰৰ প্ৰসংগ উত্থাপন দিলীপ শইকীয়াৰ

855 জন শ্বহীদৰ তেজৰ বিনিময়ত পোৱা তেল শোধনাগাৰটো চৰকাৰে বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ নকৰি আন ব্যৱস্থা লোৱা উচিত বুলিও মন্তব্য কৰে শইকীয়াই ৷ ইফালে BPCLৰ শ্বেয়াৰ অনাগত দিনত ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়াটো প্ৰয়োজন বুলি উল্লেখ কৰি নুমলীগড় শোধনাগাৰৰ ক্ষেত্ৰত সিদ্ধান্ত সলনি কৰিবলৈ চৰকাৰক আহ্বান জনায় সাংসদজনে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.