নেশ্যনেল ডেস্ক, 29 এপ্ৰিল : আলিপুৰ আদালতৰ কৰ্মচাৰীসকলৰ এজন গাড়ী চালকৰ মাতৃ COVID-19 ত আক্ৰান্ত হোৱাৰ পাচত আদালতৰ কৰ্মচাৰীক কোৱান্টাইনৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ এই গাড়ী চালকজনে কলিকতা উচ্চ ন্যায়ালয়ৰ কৰ্মচাৰীকো অনা-নিয়া কৰে বুলি এজন জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে ৷
উচ্চ ন্যায়ালয়ৰ বিষয়ববীয়াই জনাই যে, বিষয়টো মুখ্য ন্যায়াধীশ টি. ৰাধাকৃষ্ণনৰ সন্মুখত উত্থাপন কৰা হৈছে ৷ সেই অনুসৰি, এই গাড়ী চালকজনৰ প্ৰত্যক্ষ অথবা পৰোক্ষ সংস্পৰ্শলৈ অহা সকলো লোককে তেওঁৰ নমুনাৰ ফলাফল লাভ নকৰা পৰ্যন্ত কোৱাৰান্টাইনত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷
আনহাতে, এই গাড়ী চালকজনৰ মাতৃ এখন ব্যক্তিগত চিকিৎসাধীন হৈ আছে ৷ আলিপুৰ জিলা আদালতৰ বহুকেইজন কৰ্মচাৰীৰ লগতে কলিকতা উচ্চ ন্যায়ালয়ৰো কৰ্মচাৰীক এই গাড়ী চালকজনে সেৱা আগবঢ়াই আহিছে ৷