ETV Bharat / bharat

কোভিড-19 আক্ৰান্তৰ সংস্পৰ্শলৈ জীতেন্দ্ৰ সিং আৰু ৰাম মাধৱ, হোম কোৱাৰেন্টাইন

author img

By

Published : Jul 15, 2020, 5:28 AM IST

জম্মু-কাশ্মীৰ বিজেপিৰ সভাপতি, ৰভিন্দৰ ৰাইনা কোভিড-19ত আক্ৰান্ত হোৱাৰ পিচতেই কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং আৰু বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱক কোৱাৰেন্টাইনত ৰখা হৈছে ৷ দুয়োগৰাকী নেতাই শেহতীয়াকৈ ৰভিন্দৰ ৰাইনাৰ সংস্পৰ্শলৈ আহিছিল ৷

কোভিড-19 আক্ৰান্তৰ সংস্পৰ্শলৈ জীতেন্দ্ৰ সিং আৰু ৰাম মাধৱ, হোম কোৱাৰেন্টাইন
কোভিড-19 আক্ৰান্তৰ সংস্পৰ্শলৈ জীতেন্দ্ৰ সিং আৰু ৰাম মাধৱ, হোম কোৱাৰেন্টাইন

নিউজ ডেস্ক, 15 জুলাই : প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (স্বতন্ত্ৰ) ৰাজ্যিক মন্ত্ৰী তথা কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং আৰু বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱে নিজকে কোৱাৰেন্টাইনত ৰাখিছে ৷ জম্মু-কাশ্মীৰ বিজেপিৰ সভাপতি ৰভিন্দৰ ৰাইনা কোভিড-19 পজিটিভ হোৱাৰ পিচতেই দুয়োগৰাকী নেতাই এইদৰে নিজকে কোৱাৰেন্টাইনত ৰাখিছে ৷

মঙলবাৰে আবেলিৰ পৰা মন্ত্ৰী জীতেন্দ্ৰ সিঙে কোৱাৰেন্টাইনত থাকে ৷ বিগত 12 জুলাইত ৰভিন্দৰ ৰাইনাই জীতেন্দ্ৰ সিঙৰ লগতে ৰাম মাধৱক শ্ৰীনগৰৰ পৰা বন্দীপুৰালৈ যোৱা যাত্ৰাত সংগ দিছিল ৷ ৰিয়াছি জিলাৰ কাটৰাস্থিত নাৰায়না হস্পিতালত ৰাইনাক চিকিৎসাধীন অৱস্থাত আছুতীয়াকৈ ৰখা আছে বুলি চিকিৎসকে প্ৰকাশ কৰিছে ৷

একেই কাৰণতে ৰাম মাধৱেও নিজকে কোৱাৰেন্টাইনত ৰাখে ৷ ইয়াৰ পূৰ্বে দুই সপ্তাহত পাঁচবাৰকৈ ৰাম মাধৱৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে ৷ নিজৰ লগতে অন্যান্যৰ সুৰক্ষাৰ বাবেই এইদৰে কোৱাৰেন্টাইনত থকাৰ সিদ্ধান্ত লয় বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

দুদিন পূৰ্বেই ৰাইনাই জীতেন্দ্ৰ সিং, ৰাম মাধৱকে ধৰি বিজেপিৰ বহুকেইগৰাকী শীৰ্ষ নেতাক সন্ত্ৰাসবাদীৰ গুলিত নিহত বিজেপি নেতা ৱাছিম ৱাৰীৰ বাসগৃহলৈ লৈ গৈছিল ৷

লগতে পঢ়কঃ দল-বিৰোধী কাৰ্যকলাপৰ বাবে কংগ্ৰেছে বহিষ্কাৰ কৰিলে সঞ্জয় ঝাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.