নেশ্যনেল ডেস্ক, 14 চেপ্তেম্বৰ: আজিৰে পৰা আৰম্ভ হ'ল সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ কৰ'ণাসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে সংসদৰ সদস্যসকললৈ একোখনকৈ পত্ৰৰ লগতে কভিড-19 সুৰক্ষা কিট প্ৰেৰণ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ৷
"আপোনালোকে ইতিমধ্যে অৱগত যে, 14 চেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব লগা সংসদৰ বৰ্ষাকালীন অধিৱেশন মাজত কোনোধৰণৰ বিৰতি নোহোৱাকৈ অক্টোবৰ 1 তাৰিখলৈ চলিব ৷ এইবাৰৰ অধিৱেশন কিছু অসাধাৰণ পৰিস্থিতিত অনুষ্ঠিত কৰিব লগা হৈছে ৷ সেয়ে সাংবিধানিক দায়িত্ব পালন কৰাৰ সময়ত আমি কভিড-19 সম্পৰ্কীয় নিৰ্দেশাৱলী সমূহ পালন কৰিব লাগিব ৷" সংসদৰ সদস্যসকললৈ লিখা পত্ৰত অধ্যক্ষ গৰাকীয়ে এইবুলি উল্লেখ কৰে ৷
তেওঁ লগতে কয়, "আপোনালোকৰ ব্যৱহাৰৰ বাবে এই পত্ৰৰ লগতে মই ছেনিটাইজেচন কিট প্ৰেৰণ কৰিছো ৷ ডি আৰ ডি অ' ই প্ৰেৰণ কৰা এই কিটটোত আছে ছেনিটাইজাৰ, মাস্ক, আৰু ফেচ শ্বিল্ড ৷ মই নিশ্চিত যে, সদনৰ কাম কাজ সুচাৰুৰূপে আগুৱাই নিয়াৰ ক্ষেত্ৰত মই আপোনালোকৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিম ৷"
অধ্যক্ষ গৰাকীয়ে এই কথাও উল্লেখ কৰে যে, সদস্যসকলে যাতে কোনো শংকা নোহোৱাকৈ সংসদৰ কাম কাজত অংশগ্ৰহন কৰিব পাৰে সেয়ে তেওঁলোকৰ সুৰক্ষা তথা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি লোকসভাৰ সচিবালয়ে সকলো ব্যৱস্থা কৰিছে ৷
আজিৰে পৰা আৰম্ভ হোৱা অধিৱেশনত কোনো প্ৰশ্নকালীন শিতান তথা প্ৰাইভেট মেম্বাৰ'চ বিজনেচ নাথাকিব ৷ কভিড-19 সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰই তৈয়াৰ কৰা এক বিশেষ ম'বাইল এপৰ জৰিয়তে সাংসদ সকলৰ উপস্থিতি নথিভুক্ত কৰা হ'ব ৷ অধিৱেশনৰ প্ৰথম দিনটোত পুৱা 9 বজাৰ পৰা আবেলি 1 বজালৈ নিম্নসদনৰ বৈঠক চলাৰ পৰিৱৰ্তে আবেলি 3 বজাৰ পৰা গধূলি 7 বজালৈ উচ্চসদনৰ বৈঠক চলিব ৷ পৰৱৰ্তী দিনসমূহত ৰাজ্যসভাৰ কাৰ্যক্ৰমসমূহ পুৱা 9 বজাৰ পৰা আবেলি 1 বজালৈ চলিব আৰু লোকসভাৰ অধিৱেশনৰ সময় আবেলি 3 বজাৰ পৰা গধূলি 7 বজালৈ নিৰ্ধাৰণ কৰা হৈছে ৷
লগতে পঢ়ক: সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমটো দিনৰ কাৰ্যক্ৰমণিকা