ETV Bharat / bharat

মোডীৰ লেহ যাত্ৰাই আলোচনাৰ বাবে ভাৰতৰ সংকল্প প্ৰমাণ কৰেঃ লেফটেনেণ্ট জেনেৰেল ডি এছ হুদা

author img

By

Published : Jul 6, 2020, 2:08 PM IST

নিজৰ কৰ্ম দক্ষতাৰ বাবে পৰিচিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পূৰ্ব লাডাখত ভাৰত-চীনৰ সেনাৰ মাজত হোৱা সংঘৰ্ষৰ পাচতে লেহ পটভূমিত প্ৰধানমন্ত্ৰী গৰাকী উপস্থিত হোৱা বিষয়টোয়ে তাৎপৰ্য বহন কৰে বুলি মন্তব্য প্ৰকাশ কৰে লেফটেনেণ্ট জেনেৰেল ডি এছ হুদাই । লগতে মহামাৰী কৰ'ণা সংকটৰ মাজতো ভাৰত চৰকাৰ লেহৰ ঘটনা সন্দৰ্ভত বৰ্তমানেও সক্ৰিয় হৈ আছে বুলি সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উল্লেখ কৰে লেফটেনেণ্ট জেনেৰেল হুদাই ।

modis-leh-visit-proves-indias-resolve-for-negotiation-lt-gen-d-s-hooda
মোডীৰ লেহ যাত্ৰাই আলোচনাৰ বাবে ভাৰতৰ সংকল্প প্ৰমাণ কৰেঃ লেফটেনেণ্ট জেনেৰেল ডি এছ হুদা

নিউজ ডেস্ক,৬ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিজৰ কৰ্মৰ দ্বাৰা দেশবাসীক প্ৰসন্ন কৰি অহাৰ উপৰিও নিজৰ কৰ্ম দক্ষতাৰ বাবেও সুপৰিচিত । বিগত ৩ জুলাইত লেহত গৈ উপস্থিত হৈ মোডীয়ে আঘাটপ্ৰাপ্ত সেনা জোৱানসকৰ খবৰ লোৱা, ব্ৰিফিঙত উপস্থিত হৈ শক্তিশালী ভাষণ প্ৰদান কৰা আৰু দেশবাসীয়ে দূৰদৰ্শনৰ স্ক্ৰীনত সমগ্ৰ ভাষণ প্ৰত্যক্ষ কৰাটোও মোডী ডাঙৰীয়াৰ এক কৰ্ম দক্ষতা । পূৰ্ব লাডাখত ভাৰত-চীনৰ সেনাৰ মাজত হোৱা সংঘৰ্ষৰ মাজতে লেহৰ পটভূমিত প্ৰধানমন্ত্ৰী গৰাকী উপস্থিত হোৱা বিষয়টোয়ে তাৎপৰ্য বহন কৰে ।

দেওবাৰে মোডীৰ হেলত উপস্থিত হোৱা বিষয় সন্দৰ্ভত এনেদৰে মন্তব্য কৰে লেফটেনেণ্ট জেনেৰেল ডি এছ হুদাই । হুদাই কয় যে,প্ৰধানমন্ত্ৰী মোডীৰ এই যাত্ৰাই প্ৰমাণিত কৰে যে,দেশৰ এই সংকটৰ সময়তো ভাৰত চৰকাৰ বৰ্তমানেও সক্ৰিয় হৈ আছে । একাংশই মত ব্যক্ত কৰিছিল যে চৰকাৰে লেহত সংঘটিত ঘটনা সন্দৰ্ভত অবহেলিত কৰিছে । সম্ভৱত এই আশাতে সামৰিক স্তৰৰ আলোচনাত সমাধান উলিওৱা হ'ব । কিন্তু ১৫ জুনত ভাৰত-চীনৰ গলৱানত হোৱা ৰক্তাক্ত সংঘৰ্ষৰ ফলত সেই আশাৰ পৰাও নিৰাশ হৈছিলো ।

মই অনুভব কৰো যে,বৰ্তমান চীনৰ বিৰুদ্ধে লোৱা পদক্ষেপসমূহ পূৰ্বৰ পদক্ষেপৰ সৈতে বিপৰীত । পূৰ্বতে দুয়োটা পক্ষৰ মাজত আলোচনাৰ ভিত্তিতে শান্তিপূৰ্ণভাৱে সমাধন হৈছিল । কিন্তু বিগত দুই মাহৰ পূৰ্বে চীনৰ বৈদেশিক মন্ত্ৰণালয়ে এই সন্দৰ্ভত বাৰ্তালাপ কৰিছিল । তেতিয়া শান্তিপূৰ্ণ আলোচনা হ'ব বুলি আশ্বাস দিয়ে যদিও পাচত গালৱান ঘাটিত অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সংকোচবোধ নকৰি ভাৰতৰ মেপত অন্তৰ্ভুক্ত অঞ্চল কৰিবলৈ চীনে দখল কৰিবৰ বাবে চীন সেনা অধিক শক্তিশালী কৰিবলৈ ব্যস্ত থাকিল ।

প্ৰধানমন্ত্ৰীৰ লাডাখ যাত্ৰাই এইটো ইংগিতে বহন কৰে যে যিকোনো প্ৰগতিৰ ক্ষেত্ৰত ভাৰত কেতিয়াও পিছ হুহুকি নাহে আৰু বিকাশৰ ক্ষেত্ৰত বাধা হোৱা কোনো কাম কৰিবলৈ ভাৰত প্ৰস্তুত নহয় । প্ৰধানমন্ত্ৰী মোডী এইটো বিষয় সন্দৰ্ভত অৱগত আছিল যে,তেখেতৰ লেহ যাত্ৰাৰ পাচতে চীনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব । যিটো বাস্তৱায়িত হৈ উঠে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লেহ ভ্ৰমণৰ পাচতে চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ এগাৰকীয়ে কয় যে,"কোনো পক্ষৰ সৈতে যিকোনো পদক্ষেপত লিপ্ত হোৱাটো উচিত নহয় ।"

মোডীৰ লেহ যাত্ৰাৰ পৰা এইটো স্পষ্টৰূপত সংকেত বহন কৰে যে,নিয়ন্ত্ৰণ ৰেখাত অচলাবস্থাৰ প্ৰতি লক্ষ্য ৰাখি এটা নিৰ্দিষ্ট এস্কেলেশন স্তৰ অধিক গ্ৰহণযোগ্য । তাৰোপৰি প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ প্ৰত্যক্ষ আৰু কঠোৰ আছিল । চীনক বিস্তাৰবাদৰ আহ্বান জনাই মোডীয়ে কয়,"ইতিহাস সাক্ষী আছে যে বিস্তাৰবাদ শক্তিৰে হয়তো পৰাজিত হৈছে ন'হলে যুদ্ধভূমিৰ পৰা ঘূৰি যাবলৈ বাধ্য হৈছে । যি দুৰ্বল সেইসকলে কেতিয়াও শান্তি লাভ কৰিব নোৱাৰে । এইটো মাত্ৰ এটা সংকেট আছিল যে ভাৰত দুৰ্বলস্থিতিত থকা লোকৰ সৈতে বাৰ্তালাপ নকৰে ।

আনহাতে, প্ৰধানমন্ত্ৰীয়ে ভাৰতবাসীৰ বাবেও এটি সংকেট দিয়ে যে,তেখেতৰ এই মন্তব্যৰ পাচত এগৰাকীও চীনৰ সেনা ভাৰতৰ পটভূমিত নাই । দুয়োখন দেশৰ শীৰ্ষ নেতৃত্বৰ আলোচনাৰ পাচত ভাৰতৰ নাগৰিকসকলক এই সন্দৰ্ভত আশ্বাস দিয়াৰো চেষ্টা কৰে মোডীয়ে ।

ভাৰতৰ মাটি দখল কৰিবলৈ চীনৰ সেনাই কৰা প্ৰয়াসক সঠিক প্ৰত্যুত্তৰ দিব ভাৰত চৰকাৰে । বিভিন্ন কোম্পানী,বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তিৰ উদ্যোগত চীনৰ অংশ গ্ৰহণ পৰ্যালোচনা কৰা বিষয় সন্দৰ্বটো ভাৰত চৰকাৰে সিন্ধান্ত গ্ৰহণ কৰিছে বুলি মত প্ৰকাশ কৰে লেফটেনেণ্ট জেনেৰেল ডি এছ হুদাই ।

কঠিন সত্য এইটোয়ে যে,চীনৰ সৈনিকে ভাৰতৰ ঠাইৰ দখল কৰিবলৈ প্ৰয়াস কৰি আছে । আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই সন্দৰ্ভত কয় যে আমি চীনক সঠিক প্ৰত্যুত্তৰ দিম । আমি এস্কেলছনৰ দিশত মাত্ৰ এখোজ আগবাঢ়িছো । আৰু প্ৰতিটো খোজতে কঠিনতাৰ সন্মুখীন হৈ আহিছো । সংঘৰ্ষ একপক্ষীয় প্ৰতিযোগিতা নহয় আৰু বিৰোধী পক্ষই নিজৰ মন্তব্য ৰাখিব পাৰে । সেইবাবে আমাক চীনৰ প্ৰতিক্ৰিয়াৰ বাবেও সাজু হৈ থাকিব লাগিব । আমি দীৰ্ঘদিনীয়া এটি অধ্যায় সমাপ্ত কৰিবলৈ এখন শক্তিশালী আৰু চুবুৰীয়া দেশৰ সৈতে জয়লাভ কৰিবলৈ ভাৰতীয় সেনা আৰু অধিক শক্তিশালী আৰু সম্পূৰ্ণ চৰকাৰৰ দৃষ্টিকোণৰ আৱশ্যক হ'ব ।

লগতে ডি এছ হুদাই কয় যে,কেথল জে নলেনে তেখেতৰ কিতাপ "The Allure of Battle"ত উল্লেখ কৰিছিল যে, "যুদ্ধৰ দিনটোত জয়লাভ কৰাটোৱে প্ৰকৃত জয়লাভ নহয় । প্ৰথমে আপুণি যুদ্ধ কৰা দলটো জিকিব লাগিব । তাৰ পাচত বছৰটো তাৰ পাচতে এটা দশক । জয়লাভক ৰাজনৈতিক স্থায়িত্ব লাভেৰে প্ৰকাশিত কৰিব লাগিব ।"

ভাৰত-চীনে শত্ৰুতাৰ এটা নতুন যুগৰ সূচনা কৰিছে । য'ত ভূ-ৰাজনীতিত প্ৰভাৱ পেলাব । ভৱিষ্যতে এই খেল কিদৰে খেলিব সেয়া বৰ্তমানেও অনিশ্চয়তাত । কিন্তু এইটো দুয়োখন দেশৰ বাবে মুৰ্খৰ পৰিচয় দিব যিয়ে সময়ৰ আগত জয়লাভৰ ঘোষণা কৰে বুলি মত প্ৰকাশ কৰে লেফটেনেণ্ট জেনেৰেল ডি এছ হুদাই ।

লগতে চাওকঃ কাৰাগাৰত অসুস্থ অখিল গগৈৰ দেহত কৰ’ণাৰ লক্ষণ: উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.