ETV Bharat / bharat

আমেৰিকাৰ ফাৰ্মৰ সমীক্ষাত বিশ্বৰ ভিতৰতে শীৰ্ষ নেতা ঘোষিত প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Jan 2, 2021, 7:41 PM IST

আমেৰিকাৰ এক সংস্থাই বিশ্বৰ শীৰ্ষ নেতাসকলৰ ভিতৰত প্ৰথম স্থান প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৷ আমেৰিকান সংস্থা Morning Consultৰ দ্বাৰা সম্পন্ন কৰা এক সমীক্ষাত জাপান, আমেৰিকা আৰু ব্ৰাজিলকে ধৰি বিশ্বৰ 13 খন দেশৰ নেতাসকলৰ ভিতৰত 55 শতাংশৰে বিশ্বৰ শীৰ্ষপ্ৰধান নেতা হিচাপে চিহ্নিত হয় প্ৰধানমন্ত্ৰী মোডী ৷

আমেৰিকাৰ ফাৰ্মৰ সমীক্ষাত বিশ্বৰ ভিতৰতে শীৰ্ষ নেতা ঘোষিত প্ৰধানমন্ত্ৰী মোডী
আমেৰিকাৰ ফাৰ্মৰ সমীক্ষাত বিশ্বৰ ভিতৰতে শীৰ্ষ নেতা ঘোষিত প্ৰধানমন্ত্ৰী মোডী

নিউজ ডেস্ক, 2 জানুৱাৰী : দেশৰ বাবে আন এক গৌৰৱৰ বিষয় হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম বিশ্বৰ আগশাৰীৰ নেতাসকলৰ ভিতৰত শীৰ্ষস্থানত অহাটো ৷ নতুন বছৰৰ আৰম্ভনিতে দেশবাসীৰ বাবে প্ৰধানমন্ত্ৰী মোডীক বিশ্ব নেতাসকলৰ ভিতৰত শীৰ্ষস্থান প্ৰদান কৰাটো মোডীৰ কৰ্মনীতিৰ এক অনন্য উদাহৰণ বুলি কয় বিজেপিৰ অধ্যক্ষ জগত প্ৰকাশ নড্ডাই ৷

আমেৰিকাৰ ফাৰ্ম দি মৰ্ণিং কনছাল্টৰ দ্বাৰা হোৱা এক সমীক্ষাত জাপান, ব্ৰাজিল, আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বিশ্বৰ শীৰ্ষ 13খন দেশৰ নেতাসকলৰ মাজৰ পৰা বিশ্বনেতা হিচাপে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ সমীক্ষাটোত 75 শতাংশ লোকেই মোডীক বিশ্বৰ শীৰ্ষ নেতা হিচাপে চিহ্নিত কৰাৰ লগতে 20 শতাংশই বিপৰীতে ভোটদান কৰে ৷ সৰ্বমুঠ 55 শতাংশ ৰেটিঙেৰে মোডীয়ে বিশ্বৰ শীৰ্ষস্থানীয় নেতাসকলক চেৰ পেলাই 2020ত কোভিড-19 মহামাৰীৰ মাজতো ৰাষ্ট্ৰক নেতৃত্ব দিয়াৰ বাবে বিশ্বৰ শীৰ্ষনেতা হিচাপে চিহ্নিত হয় ৷ মোডীৰ এই ৰেটিং যিকোনো বিশ্বনেতাৰ তুলনাত বহুগুণে অধিক ৷ এই ৰেটিঙে মোডীৰ নেতৃত্ব আৰু দেশৰ প্ৰতি থকা দায়িত্বকে প্ৰতিফলিত কৰিছে বুলি বিজেপিৰ অধ্যক্ষ নড্ডাই প্ৰকাশ কৰে ৷

  • Hon PM @narendramodi ji’s popularity not only rises unabated across all demographic groups & geographic regions of the country and he also gets a thumbs up globally for his dedication to his country. PM Modi ranks Number 1 among all global leaders in this challenging times.

    — Jagat Prakash Nadda (@JPNadda) January 2, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

Hon PM @narendramodi ji’s popularity not only rises unabated across all demographic groups & geographic regions of the country and he also gets a thumbs up globally for his dedication to his country. PM Modi ranks Number 1 among all global leaders in this challenging times.

— Jagat Prakash Nadda (@JPNadda) January 2, 2021

এই সমীক্ষাত জাৰ্মানীৰ অধ্যক্ষ এঞ্জেলা মৰ্কেলৰ ৰেটিং আছিল 24 শতাংশ আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনে নিগেটিভ ৰেটিং লাভ কৰে ৷

মোডীৰ বিশ্বনেতা হোৱাৰ সফলতাৰ ধাৰা এই সমীক্ষাই প্ৰমাণ কৰিছে বুলি বিজেপিৰ অধ্যক্ষগৰাকী টুইট কৰে ৷ ইয়াৰ উপৰিও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও মোডীক বিশ্বনেতা হিচাপে চিহ্নিত হোৱাৰ সুবাদত কৃতজ্ঞতা প্ৰদান কৰে ৷

লগতে পঢ়ক : সমগ্ৰ দেশত বিনামূলীয়াকৈ উপলব্ধ হ'ব ক'ৰণা প্ৰতিষেধক

নিউজ ডেস্ক, 2 জানুৱাৰী : দেশৰ বাবে আন এক গৌৰৱৰ বিষয় হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম বিশ্বৰ আগশাৰীৰ নেতাসকলৰ ভিতৰত শীৰ্ষস্থানত অহাটো ৷ নতুন বছৰৰ আৰম্ভনিতে দেশবাসীৰ বাবে প্ৰধানমন্ত্ৰী মোডীক বিশ্ব নেতাসকলৰ ভিতৰত শীৰ্ষস্থান প্ৰদান কৰাটো মোডীৰ কৰ্মনীতিৰ এক অনন্য উদাহৰণ বুলি কয় বিজেপিৰ অধ্যক্ষ জগত প্ৰকাশ নড্ডাই ৷

আমেৰিকাৰ ফাৰ্ম দি মৰ্ণিং কনছাল্টৰ দ্বাৰা হোৱা এক সমীক্ষাত জাপান, ব্ৰাজিল, আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বিশ্বৰ শীৰ্ষ 13খন দেশৰ নেতাসকলৰ মাজৰ পৰা বিশ্বনেতা হিচাপে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ সমীক্ষাটোত 75 শতাংশ লোকেই মোডীক বিশ্বৰ শীৰ্ষ নেতা হিচাপে চিহ্নিত কৰাৰ লগতে 20 শতাংশই বিপৰীতে ভোটদান কৰে ৷ সৰ্বমুঠ 55 শতাংশ ৰেটিঙেৰে মোডীয়ে বিশ্বৰ শীৰ্ষস্থানীয় নেতাসকলক চেৰ পেলাই 2020ত কোভিড-19 মহামাৰীৰ মাজতো ৰাষ্ট্ৰক নেতৃত্ব দিয়াৰ বাবে বিশ্বৰ শীৰ্ষনেতা হিচাপে চিহ্নিত হয় ৷ মোডীৰ এই ৰেটিং যিকোনো বিশ্বনেতাৰ তুলনাত বহুগুণে অধিক ৷ এই ৰেটিঙে মোডীৰ নেতৃত্ব আৰু দেশৰ প্ৰতি থকা দায়িত্বকে প্ৰতিফলিত কৰিছে বুলি বিজেপিৰ অধ্যক্ষ নড্ডাই প্ৰকাশ কৰে ৷

  • Hon PM @narendramodi ji’s popularity not only rises unabated across all demographic groups & geographic regions of the country and he also gets a thumbs up globally for his dedication to his country. PM Modi ranks Number 1 among all global leaders in this challenging times.

    — Jagat Prakash Nadda (@JPNadda) January 2, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

এই সমীক্ষাত জাৰ্মানীৰ অধ্যক্ষ এঞ্জেলা মৰ্কেলৰ ৰেটিং আছিল 24 শতাংশ আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনে নিগেটিভ ৰেটিং লাভ কৰে ৷

মোডীৰ বিশ্বনেতা হোৱাৰ সফলতাৰ ধাৰা এই সমীক্ষাই প্ৰমাণ কৰিছে বুলি বিজেপিৰ অধ্যক্ষগৰাকী টুইট কৰে ৷ ইয়াৰ উপৰিও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও মোডীক বিশ্বনেতা হিচাপে চিহ্নিত হোৱাৰ সুবাদত কৃতজ্ঞতা প্ৰদান কৰে ৷

লগতে পঢ়ক : সমগ্ৰ দেশত বিনামূলীয়াকৈ উপলব্ধ হ'ব ক'ৰণা প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.