নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰীঃ প্ৰায় 36 ঘণ্টীয়া ভ্ৰমণৰ বাবে 24 ফেব্ৰুৱাৰীত গুজৰাটৰ আহমেদাবাদত উপস্থিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷ পত্নী মিলেনিয়া ট্ৰাম্প, সন্তান ইভংকা ট্ৰাম্প আৰু জোৱাঁই জাৰেদ খুছনাৰৰ লগতে আমেৰিকা যুক্তৰাষ্টৰ কেইবাজনো উচ্চপদস্থ বিষয়াই সংগ দিব বিশ্বৰ সৰ্বশক্তিমান দেশখনৰ ৰাষ্ট্ৰপতিজনৰ এই ভ্ৰমণত ৷ আহমেদাবাদৰ ম’টেৰা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত সোমবাৰে বিয়লি ৰাষ্ট্ৰপতিগৰাকী উৰা মাৰিব আগ্ৰালৈ ৷ দিল্লীত দুয়োদেশৰ প্ৰতিনিধিৰ মাজত হ’ব লগা অনুষ্ঠানত অংশগ্ৰহণৰ বাবে দিল্লীত উপস্থিত হোৱাৰ পূৰ্বেই আগ্ৰাস্থিত বিশ্বৰ সপ্তম আশ্বৰ্যৰ অন্যতম তাজমহল পৰিয়ালসহ পৰিদৰ্শন কৰিব ড’নাল্ড ট্ৰাম্পে ৷
উল্লেখযোগ্য যে, আহমেদাবাদত অনু্ষ্ঠিত হ’ব লগা ড’নাল্ড ট্ৰাম্পৰ আদৰণি অনুষ্ঠানত ট্ৰাম্পক সংগ দিব ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ কিন্ত ৰাষ্ট্ৰপতিগৰাকীৰ তাজমহল ভ্ৰমণত প্ৰধানমন্ত্ৰীগৰাকীয়ে সংগ দিয়াৰ বিষয়টো নিশ্চিত নহয় ৷ সংবাদমাধ্যমৰ আগত চৰকাৰী সূত্ৰে প্ৰকাশ কৰে যে, ৰাষ্ট্ৰপতিগৰাকী আৰু তেখেতৰ পৰিয়ালক বিশ্বৰ অন্যতম ঐতিহাসিক সৌধটো ভালদৰে পৰিদৰ্শনৰ বাবে চৰকাৰে সুবিধা দিব বিচাৰিছে ৷ তাজমহল ভ্ৰমণৰ সময়ছোৱাত তেখেতসকলৰ লগত কোনো ভাৰত বিষয়া তথা প্ৰতিনিধি উপস্থিত নাথাকে যাতে ভাৰতৰ বিশেয অতিথিজন তথা তেওঁৰ পৰিয়ালে নিজৰ ইচ্ছা অনুসাৰে স্মৃতি সৌধটোৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে ৷ গুৰুত্বপূৰ্ণ যে, সোমবাৰে দেশৰ বিশেষ অতিথিজনৰ ভ্ৰমণৰ বাবে তাজমহলত আন দৰ্শকৰ বাবে বন্ধ থাকিব প্ৰৱেশ তথা ভ্ৰমণৰ সুবিধা ৷ 25 ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা দুয়োখন দেশৰ মাজৰ আলোচনা তথা দ্বিপাক্ষিক চুক্তি সম্বন্ধীয় আলোচনাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷
লগতে পঢ়কঃষ্টুডিঅ'ৰ ভিতৰতে কন্ঠশিল্পী মিকা সিঙৰ মেনেজাৰৰ আত্মহত্যা