ETV Bharat / bharat

বিহাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভা - হাৱাই আদ্দা মৈদান

বিহাৰত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷ বিহাৰৰ প্ৰায় 200 খন সমাবেশথলীত ডিজিটেল মাধ্যমেৰে প্ৰচাৰ কৰা হ'ব মোদীৰ নিৰ্বাচনী সভা ৷

Modi to be back in Bihar today; live rallies in 200 grounds
বিহাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভা
author img

By

Published : Nov 3, 2020, 8:57 AM IST

নেশ্যনেলডেস্ক,3 নৱেম্বৰ: মংগলবাৰে বিহাৰত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে মংগলবাৰে বিহাৰলৈ যাব ৷ লক্ষ্যণীয়ভাৱে প্ৰধান মন্ত্ৰী গৰাকীৰ প্ৰচাৰ সভা বিহাৰৰ প্ৰায় 200 খন সমাবেশথলীত ডিজিটেল মাধ্যমেৰে প্ৰচাৰ কৰা হ'ব ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখনকৈ প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰিব ৷ এখন অৰৰিয়া আৰু আন খন চহৰসত অনুষ্ঠিত কৰা হ'ব ৷ দিনটোৰ প্ৰথম ভাগতে দুয়োখন সভাত অংশ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ প্ৰথমে ৰাতিপুৱা 9.30 বজাত অৰৰিয়াৰ ফৰবিসংগজৰ হাৱাই আদ্দা মৈদানত বিজেপিৰ এক বিশাল জনসভাত অংশ গ্ৰহণ কৰিব ৷ দ্বিতীয়খন সভা 11.30 বজাত চহৰসৰ পেটেল মৈদানত অংশ গ্ৰহণ কৰিব ৷ দুয়োখন সভাই বিহাৰৰ প্ৰায় 200 খন সমাবেশথলীত ডিজিটেল মাধ্যমেৰে প্ৰচাৰ কৰা হ'ব ৷ প্ৰচাৰ সভাত জনসাধাৰণৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা সকলক উপস্থিত থাকিবলৈ আহ্বান জনাইছে ৷ মংগলবাৰে বিহাৰৰ 17খন জিলাত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ কৰা হ'ব ৷ এই পৰ্যায়ত মুঠ 94খন আসনৰ 46 খনৰ বাবে বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব ৷ JD-U,RJD আৰু কংগ্ৰেছৰ মিত্ৰজোঁটক 43 খন আসনত পৰাজিত কৰাৰ লক্ষ্য বান্ধি লৈছে বিজেপি ৷

লগতে পঢ়ক: নগাঁৱৰ শেনচুৱাত চোৰৰ সন্ত্ৰাস,বাসগৃহত অগ্নিসংযোগ কৰাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.