ETV Bharat / bharat

মোডীয়ে দেশখন ধ্বংস কৰি আছে: ৰাহুল গান্ধী - প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী

কেন্দ্ৰৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশখন ধ্বংস কৰি আছে বুলি টুইটাৰযোগে উল্লেখ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

মোডীয়ে দেশখন ধ্বংস কৰি আছে: ৰাহুল গান্ধী

author img

By

Published : Jul 30, 2020, 2:51 PM IST

নেশ্যনেল ডেস্ক, 30 জুলাই: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ এবাৰ মাত মাতিলে কেন্দ্ৰৰ বিৰুদ্ধে ৷ বৃহস্পতিবাৰে তেওঁ কয়,প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশখন ধ্বংস কৰি আছে ৷

টুইটাৰত নেতাগৰাকীয়ে বাণিজ্য সম্পৰ্কীয় এখন সংসদীয় বৈঠকৰ এখন প্ৰতিবেদনৰ উল্লেখ কৰি, COVID-19 ৰ বাবে প্ৰায় 10 কোটি চাকৰি বিপদত আছে বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ৷

"মোডীয়ে দেশখন ধ্বংস কৰি আছে ৷"ৰাহুল গান্ধীয়ে বিমুদ্ৰাকৰণ,জিএছটি, COVID-19 মহামাৰী আৰু অৰ্থনীতিৰ লগতে,চাকৰিৰ ক্ষেত্ৰত এই ধ্বংসৰ বিষয়ে উল্লেখ কৰিছে ৷

"তেওঁৰ পুঁজিবাদী সংবাদ মাধ্যমে এক ভ্ৰমৰ সৃষ্টি কৰিছে ৷ যিটো অতি শীঘ্ৰেই ভাগিব ৷" ৰাহুল গান্ধীয়ে উল্লেখ কৰে ৷

বিগত কিছু সপ্তাহৰ পৰা কংগ্ৰেছ নেতাসকলে মোডী চৰকাৰক অধিক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে ৷ য'ত COVID-19 মহামাৰী, চীনৰ সৈতে হোৱা সীমা বিবাদ আৰু ৰাফেল চুক্তিও অন্তৰ্ভুক্ত হৈ আছে ৷

ৰাহুল গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰে যে, প্ৰতিখন ৰাফেল বিমান চৰকাৰে 1,670 কোটি টকাত কিয় কিনিলে ? "ৰাফেলৰ বাবে ভাৰতীয় বায়ু সেনাক অভিনন্দন ৷ ইয়াৰ মাজতে ভাৰত চৰকাৰে উত্তৰ দিব পাৰিব নে, কিয় প্ৰতিখন বিমানত 526 কোটি টকাৰ পৰৱৰ্তে 1670 কোটি টকা ব্যয় কৰা হল ? কিয় 126 খন বিমানৰ বিপৰীতে 36 খনহে বিমান ক্ৰয় কৰা হ'ল ?"এনেদৰে টুইটাৰযোগে প্ৰশ্ন উত্থাপন কৰে ৰাহুল গান্ধীয়ে ৷

লগতে পঢ়ক: ৰাফেল আৰু আন আন ভাৰতীয় যুজাৰু বিমানসমূহৰ সংক্ষিপ্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.