নেশ্যনেল ডেস্ক, 18 জুলাই : ভাৰতীয় গণিতজ্ঞ চি. এচ. শেশাদ্ৰীৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মোডীয়ে কয় যে, এলজেব্ৰা জ্যামিতিৰ বাবে শেশাদ্ৰীৰ অৱদান বহু প্ৰজন্মই মনত ৰাখিব ৷
মোডীয়ে টুইটাৰৰ জৰিয়তে কয়, "গণিতৰ ক্ষেত্ৰখনত বিশাল অৱদান আগবঢ়োৱা এগৰাকী বুদ্ধিজীৱী প্ৰফেচাৰ চি. এচ. শেশাদ্ৰীক আমি হেৰুৱালো ৷ এলজেব্ৰা জ্যামিতিলৈ তেওঁৰ অৱদান বহু প্ৰজন্মই মনত ৰাখিব ৷ তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰিলো ৷"
উল্লেখ্য যে, স্বাধীনতাৰ পাচৰ ভাৰতবৰ্ষৰ গণিতজ্ঞসকলৰ ভিতৰৰ অন্যতম শেশাদ্ৰীয়ে শুকুৰবাৰে সন্ধিয়া ভাগত চেন্নাইৰ মন্দাৱলিৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৷
শেশাদ্ৰীয়ে টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেন্টেল ৰিছাৰ্চৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল ৷ 1989 চনত SPIC Science Foundation ৰ হৈ School of Mathematics ৰ আৰম্ভণি কৰাৰ সুযোগ লাভ কৰে শেশাদ্ৰীয়ে ৷ 2010 চনত তেওঁ আমেৰিকাৰ নেশ্যনেল একাডেমী অৱ ছায়েন্সৰ বিদেশী সহযোগী হিচাপেও নিৰ্বাচিত হৈছিল ৷ 2009 চনত শেশাদ্ৰীয়ে গণিতশাস্ত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্ম ভূষণ উপাধি লাভ কৰিবলৈ সক্ষম হৈছিল ৷
লগতে পঢ়ক : যদি প্ৰজ্ঞা এগৰাকী সন্ত্ৰাসবাদী, তাইক শাস্তি প্ৰদান কৰক: পিতৃ