ETV Bharat / bharat

মিজোৰামত দেশৰ ভিতৰত সৰ্বনিম্ন কোভিডৰ মৃত্যুৰ হাৰ

author img

By

Published : Dec 18, 2020, 7:53 PM IST

উত্তৰ-পূবৰ লগতে দেশৰ ভিতৰতে মিজোৰামত কোভিডৰ ফলত হোৱা মৃত্যুৰ সংখ্যা সৰ্বনিম্ন বুলি ঘোষণা কৰিছে ডাঃ পাচৌ লালমালস্বমাই ৷

মিজোৰামত দেশৰ ভিতৰত সৰ্বনিম্ন কোভিডৰ মৃত্যুৰ হাৰ
মিজোৰামত দেশৰ ভিতৰত সৰ্বনিম্ন কোভিডৰ মৃত্যুৰ হাৰ

আইজল, 18 ডিচেম্বৰ : মাত্ৰ 7গৰাকীৰ মৃত্যুৰে কোভিড-19ৰ ক্ষেত্ৰত দেশৰ ভিতৰতে সৰ্বনিম্ন ফলাফল দাঙি ধৰিছে মিজোৰামে ৷ কেন্দ্ৰীয় চৰকাৰে ধাৰণা কৰা 5226টা ঘটনাৰ বিপৰীতে মিজোৰামত 4085 গৰাকী পজিটিভ ৰোগী পোৱা গৈছে ৷ ইয়াৰ অন্তৰালত আছে মিজোৰাম চৰকাৰ, মিজোৰামৰ জনতা আৰু ৰাজ্যখনৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠন ৷

বৰ্তমানলৈ চলিত মাহত 247গৰাকী পজিটিভ ৰোগী পোৱা গৈছে ৰাজ্যখনত ৷ যাৰ ভিতৰত 43 শতাংশ ৰাজ্যখনৰ বাহিৰৰ আৰু 41 শতাংশ ৰাজ্যখনৰ ভিতৰত সংক্ৰমিত হৈছে ৷ ইয়াৰ ভিতৰত 14 শতাংশ সংক্ৰমণ আনট্ৰেকেবল ৷ আনহাতে 3 গৰাকী ফ্ৰন্টলাইন ৱৰ্কাৰ সংক্ৰমিত হৈছে ৷

ডিচেম্বৰত হোৱা 247টা সংক্ৰমণৰ ভিতৰত 17 শতাংশ লক্ষণযুক্ত আৰু 80 শতাংশই লক্ষণবিহীন বুলি জানিব পৰা গৈছে ৷ এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিষয়া ডাঃ পাচৌ লালমালস্বমাই ৷ তেওঁ কয় যে, "যিহেতু 14 শতাংশ ঘটনা এতিয়াও আনট্ৰেকেবল হৈ আছে, সেয়েহে ৰাজ্যিক স্বাস্থ্য বিভাগৰ তৰফৰ পৰা খ্ৰীষ্টমাছৰ সময়ত জনতাক অধিক সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ৷"

লগতে পঢ়ক : অভি-নীল হত্য়াকাণ্ডৰ হুবহু বৰ্ণনা তিনি চাক্ষুস সাক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.