ETV Bharat / bharat

গণৰাজ্য দিৱস উপলক্ষে মিজোৰামৰ ৰাজ্যপালৰ শুভেচ্ছা বাৰ্তা - Message of the Hon’ble Governor P.S. Sreedharan Pillai

গণৰাজ্য দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা বাৰ্তা প্ৰৰণ কৰিলে মিজোৰামৰ ৰাজ্যপাল পি.এছ শ্ৰীধৰণ পিল্লায়ে ৷

Message of the Hon’ble Governor P.S. Sreedharan Pillai on the Occasion of the Republic Day 2021
গণৰাজ্য দিৱস উপলক্ষে মিজোৰামৰ ৰাজ্যপালৰ শুভেচ্ছা বাৰ্তা
author img

By

Published : Jan 26, 2021, 6:40 PM IST

নিউজ ডেস্ক,26 জানুৱাৰী: 72 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিলে মিজোৰামৰ ৰাজ্যপাল পি.এছ শ্ৰীধৰণ পিল্লায়ে ৷ ৰাজ্যপাল গৰাকীয়ে কয়, স্বাধীনতা সংগ্ৰামী সকলৰ অসংখ্য ত্যাগৰ বিনিময়ত আজি ভাৰতবৰ্ষ সাৰ্বভৌম,গণতান্ত্ৰিক,গণৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো ‘We the people’ শব্দকেইটাৰে আৰম্ভ হৈছে যাৰ অৰ্থ এইটো যে ভাৰতত আমি নাগৰিকসকল সকলোতকৈ ওপৰত ৷ আমাৰ সংবিধানে জাতি,ধৰ্ম, লিংগ নিৰ্বিশেষে সকলো লোককে সম অধিকাৰ প্ৰদান কৰিছে ৷ সাম্প্ৰতিক সময়তো সময়ে সময়ে দেশৰ ভিতৰৰ আৰু বাহিৰৰ বহু শক্তিয়ে আমাৰ সাৰ্বভৌমত্বক আক্ৰমণ কৰিব বিচাৰে ৷ কিন্তু আমি মনত ৰখা উচিত যে, অনৈক্যৰ মাজত ঐক্যই আমাৰ দেশৰ মূলমন্ত্ৰ ৷

Message of the Hon’ble Governor P.S. Sreedharan Pillai on the Occasion of the Republic Day 2021
মিজোৰামত গণৰাজ্য দিৱস উদযাপন

ৰাজ্যপাল গৰাকীয়ে আৰু কয়, বিগত 2020 বৰ্ষত ক’ভিড 19 মহামাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰতকো যথেষ্ট পৰিমাণে ধ্বংস কৰিছে ৷ এই মহামাৰীৰ সৈতে যুঁজ দি থকা সময়ৰ অসংখ্য সমস্যা থকা সত্বেও কেন্দ্ৰীয় আৰু মিজোৰাম চৰকাৰে এই সমস্যাসমূহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত লক্ষণীয় স্থিতিস্থাপকতা আৰু দূৰদৰ্সীতা প্ৰদৰ্শন কৰিছে ৷ এই বিপদৰ সময়তো ভৰতে সমস্যাটোৰে সাহসিকতাৰে যুঁজ দিছে ৷ আমাৰ বিজ্ঞানীসকলে ক’ভিড 19ৰ প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াইছে যি বৃহৎ হাৰত সমগ্ৰ দেশতে বিতৰণ কৰা হৈছে ৷ বৈশ্বিক নেতা হিচাপে আমি এই প্ৰতিষেধক আমাৰ চুবুৰীয়া দেশসমূহৰ লগতে বিভিন্ন দেসলৈ ৰপ্তানি কৰিছো ৷ এই পদক্ষেপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ সূত্ৰত সম্পূৰ্ণৰূপে থিয় দিবলৈ সক্ষম হৈছে ৷ ইয়াৰ উপৰিও গণৰাজ্য দিৱসৰ এই ক্ষণত ভাৰতৰ বীৰ জোৱানসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে মিজোৰামৰ ৰাজ্যপাল পি.এছ শ্ৰীধৰণ পিল্লায়ে ৷

লগতে পঢ়ক-শীৰ্ষ স্থলসেনা বিষয়া লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতালৈ ইউৱাইএছএম সন্মান

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.