আইজল, 20 জানুৱাৰী : মিজোৰামৰ 11 খন জিলাৰ নিৰ্বাচনী বিষয়াই বুধবাৰে চূড়ান্ত নিৰ্বাচনী তালিকাৰ সাৰাংশ ১ জানুৱাৰী ২০২১ তাৰিখৰ পৰা পুনৰীক্ষণক যোগ্যতা নিৰ্ধাৰণৰ তাৰিখ হিচাপে প্ৰকাশ কৰিছে ।
মিজোৰামত মুঠ 1,242 খন ভোট গ্ৰহণ কেন্দ্ৰত পুৰুষ ভোটাৰৰ তুলনাত মহিলা ভোটাৰৰ সংখ্য়া অধিক ৷ ভোটগ্ৰহণ কেন্দ্ৰ কেইখনত 39,6973 গৰাকী পুৰুষ ভোটাৰ থকাৰ পৰিৱৰ্তে মহিলা ভোটাৰৰ সংখ্যা হৈছে 4,19,165 গৰাকী ৷ এয়া সমগ্ৰ ভাৰতৰ ভিতৰতে এক বিৰল ঘটনা ৷ মিজোৰামৰ 11খন জিলাৰ ভিতৰত 8 খন জিলাত মহিলা ভোটাৰৰ সংখ্যা অধিক ৷ মিজোৰামৰ ৰাজধানী আইজল জিলাৰ 12 খন সমষ্টিত পূৰ্বৰ নিৰ্বাচনী ভোটাৰ তালিকা অনুসৰি চলিত বৰ্ষত 7,128 গৰাকী ভোটাৰ বৃদ্ধি হৈছে ৷
উল্লেখ্য যে, আইজল জিলাত মুঠ পুৰুষ ভোটাৰৰ সংখ্যা 1,27,503 আৰু মহিলা ভোটাৰৰ সংখ্যা 1,43,919 গৰাকী ৷ মিজোৰামত মুঠ 4,834 গৰাকী চাকৰি কৰা ভোটাৰ আছে ৷ ইয়াৰে 4,771গৰাকী পুৰুষ আৰু 63 গৰাকী মহিলা ভোটাৰ ৷
লগতে পঢ়ক: চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মৃত্যু এয়াৰ ইণ্ডিয়া কৰ্মচাৰীৰ