ETV Bharat / bharat

ৰাজস্থানৰ বাৰমেড়ত নাবালিকাক ধৰ্ষণ - হাথসৰ কাণ্ড

বাৰমেড়ত এগৰাকী নাবালিকাক অপহৰণ কৰি দুজন লোকে ধৰ্ষণ কৰে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ৰাজস্থানৰ বাৰমেড়ত নাবালিকাক ধৰ্ষণ
ৰাজস্থানৰ বাৰমেড়ত নাবালিকাক ধৰ্ষণ
author img

By

Published : Oct 7, 2020, 10:35 PM IST

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ: হাথৰস কাণ্ডৰ উত্তেজনা মাৰ নৌযাওতেই ৰাজস্থানৰ বাৰমেড়ত এগৰাকী নাবালিকাক অপহৰণ কৰি দুজন লোকে ধৰ্ষণ কৰে ৷ ঘটনাটো শিৱ আৰক্ষী চকী এলেকাত সংঘটিত হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি, 15 বৰ্যীয় কিশোৰী গৰাকীক তাইৰ ঘৰৰে দুজন লোকে অপহৰণ কৰে, তাইৰ অভিভাৱকে ভোট দিবলৈ দূৰলৈ যোৱাৰ সুযোগ গ্ৰহণ কৰি ৷

কিশোৰীগৰাকীক অপহৰণ কৰাৰ পাচত, সিহঁতে তাইক বাইকত উঠাই ওচৰৰে এটা স্থানলৈ নি দুষ্কৰ্ম সংঘটিত কৰে ৷ দুয়ো দুস্কৃতিকাৰীয়ে সিহঁতৰ মোবাইত সমগ্ৰ ঘটনা ৰেকৰ্ডিঙো কৰে ৷ পীড়িতাগৰাকীক অচেতন অৱস্থাতে পেলাই থৈ দুই দুস্কৃতিকাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

পৰৱৰ্তী সময়ত পৰিয়ালে কিশোৰী গৰাকীক গাঁও খনৰে বিদ্যালয়ৰ কাষত অচেতন অৱস্থাত উদ্ধাৰ কৰে আৰু ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে ৷ কিশোৰী গৰাকীক নিকটৱৰ্তী এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য'ত সম্প্ৰতি তাইৰ চিকিৎসা চলি আছে ৷

তাৰ মাজতে বাৰমেড় জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে চিকিৎসালয় খনলৈ গৈ পীড়িত পৰিয়ালক সাক্ষাৎ কৰে ৷ উপায়ুক্ত গৰাকীয়ে কয় যে, ঘটনা সন্দৰ্ভত তদন্ত কৰি আছে বুলি উল্লেখ কৰাৰ লগতে প্ৰশাসনে চিকিৎসালয় কৰ্তৃপক্ষক পীড়িতা গৰাকীক ভালদৰে চোৱাছিতা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

লগতে পঢ়ক: উত্তৰ প্ৰদেশত পিতৃ-ভাতৃৰ হাতত মৃত্যু কিশোৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.