ETV Bharat / bharat

সুন্দৰবনলৈ বিপদ মাতিছে প্লাষ্টিকৰ বেগে

author img

By

Published : Jul 15, 2020, 10:42 AM IST

পশ্চিম বংগৰ উপকূলীয় অঞ্চল সুন্দৰবনত ঘূৰ্ণীবতাহ আম্ফানে এক বৃহৎ পৰিমাণৰ প্লাষ্টিক বেগ কঢ়িয়াই আনিছে ৷ আম্ফানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে মানুহে প্লাষ্টিক বেগসমূহত কাপোৰ, ৰেচনকে ধৰি ঔষধ প্ৰেৰণ কৰে, যিবোৰে পৰিস্থিতি তন্ত্ৰ বিনাশৰ এক বৃহৎ কাৰণ হৈ পৰিছে ৷ বিশিষ্ট পৰিৱেশবিদ অধ্যাপক প্ৰবীৰ কুমাৰ বোসে সদৰি কৰে এই কথা ৷

Plastic Bags are entering Sundarban
সুন্দৰবনলৈ বিপদ মাতিছে প্লাষ্টিকৰ বেগে

নেশ্যনেল ডেস্ক, 15 জুলাই : শেহতীয়াকৈ অহা ঘূৰ্ণীবতাহ আম্ফানে পশ্চিম বংগৰ উপকূলীয় অঞ্চল সুন্দৰবনত এক বৃহৎ পৰিমাণৰ প্লাষ্টিক বেগ কঢ়িয়াই আনিছে ৷ পৰিৱেশ বিশেষজ্ঞসকলে সদৰি কৰা মতে, এয়া এক বৃহৎ পৰিৱেশীয় প্ৰদূষণ ৷ অকল প্ৰদূষণেই নহয়, ই সমস্ত আভ্যন্তৰীণ পৰিস্থিতি তন্ত্ৰক ধ্বংস কৰিব পাৰে ৷

আম্ফানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে মানুহে প্লাষ্টিক বেগসমূহত কাপোৰ, ৰেচনকে ধৰি ঔষধ প্ৰেৰণ কৰে, যিবোৰে পৰিস্থিতি তন্ত্ৰ বিনাশৰ এক বৃহৎ কাৰণ হৈ পৰিছে ৷ বিশিষ্ট পৰিৱেশবিদ অধ্যাপক প্ৰবীৰ কুমাৰ বোসে কয় যে, ‘‘ইতিমধ্যে সুন্দৰবনত লক্ষ কোটি প্লাষ্টিক জমা হৈছে ৷ এইটো এটা আকৰ্ষণীয় বিষয় ৷’’

Plastic Bags are entering Sundarban
সুন্দৰবনলৈ বিপদ মাতিছে প্লাষ্টিকৰ বেগে

লগতে অধ্যাপকগৰাকীয়ে কয় যে, ‘‘সমগ্ৰ পৃথিৱীত এই পৰ্যন্ত 5 বিলিয়ন টন প্লাষ্টিক বেগ প্ৰকৃতিৰ সৈতে মিলিত হৈছে ৷ ইয়াৰ ফলত যথেষ্ট পৰিমাণে পৰিৱেশ বিনষ্ট হৈছে ৷ এই প্লাষ্টিক বেগসমূহেও সুন্দৰবনৰ পৰিস্থিতি তন্ত্ৰত ব্যাঘাত জন্মাব পাৰে ৷ এই প্লাষ্টিকে সুন্দৰবনৰ মাটিৰ উৰ্বৰতা হ্ৰাস কৰিব ৷ প্লাষ্টিক বেগসমূহ নদীৰ পানীত মিহলি হৈ সমুদ্ৰত পৰিব, যাৰ ফলত সমুদ্ৰৰো পৰিস্থিতি তন্ত্ৰৰ অনিষ্ট সাধন হ’ব ৷ এই প্লাষ্টিক বেগে সুন্দৰবন অঞ্চলৰ মাছৰ ক্ষতিসাধন কৰিব ৷’’

এই সমস্যাৰ সমাধান হিচাপে অধ্যাপক প্ৰবীৰ কুমাৰ বোসে কয় যে, ‘‘পৰিৱেশ প্ৰদূষণকাৰী প্লাষ্টিক বেগৰ মাত্ৰা হ্ৰাস কৰিবলৈ হ’লে কাপোৰৰ বেগ প্ৰস্তুত কৰিব লাগিব ৷ কিন্তু লক্ষ্য ৰাখিব লাগিব যে, সেই বেগসমূহত মুড়ি-চিৰা আদি প্ৰেৰণ কৰা নহয় ৷ সম্প্ৰতি বায়’ডিগ্ৰেবল তথা পৰিৱেশ পৰিপন্থী প্লাষ্টিক প্ৰস্তুত কৰাৰ চেষ্টা অব্যাহত আছে যদিও ইয়াত এটা সমস্যা আছে ৷ এই প্ৰকল্প নিৰ্মানৰ বাবে কাটিব লাগিব বৃহৎ পৰিমাণৰ গছ ৷ সেইবাবে অ’পেন হাউছ ইউনিভাৰ্চিটিয়ে পলিমাৰ প্লাষ্টিক তৈয়াৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷ যদি পলিমাৰ প্লাষ্টিক প্ৰস্তুত কৰা হয়, তেন্তে এইটো এটা ভাল সমাধান হৈ পৰিব ৷’’

লগতে পঢ়ক : শেহতীয়া ৰাজনৈতিক স্থিতিক লৈ হাই এলাৰ্টত ৰাজস্থান আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.