ETV Bharat / bharat

বৰ্তমানলৈকে কেৱল দুখন ট্ৰেইনৰ প্ৰৱেশৰ অনুমতি পশ্চিমবংগৰ

author img

By

Published : May 10, 2020, 12:46 PM IST

প্ৰব্ৰজনকাৰী কঢ়িওৱা ট্ৰেইন পশ্চিবংগত প্ৰৱেশত বাধা পশ্চিমবংগ চৰকাৰৰ ৷ 302 খন বিশেষ ট্ৰেইনৰ 2 খনকহে প্ৰৱেশৰ অনুমতি প্ৰদান ৷

পশ্চিমবংগ চৰকাৰ
বৰ্তমানলৈকে কেৱল দুখন ট্ৰেইনৰ প্ৰৱেশৰ অনুমতি পশ্চিমবংগৰ

নেশ্যনেল ডেস্ক, 10 মে' : প্ৰব্ৰজনকাৰী শ্ৰমিকক প্ৰেৰণৰ বাবে পশ্চিমবংগ চৰকাৰে ৰাজ্যত বিশেষ ট্ৰেইনৰ প্ৰৱেশৰ অনুমতি প্ৰদান নকৰা বুলি অভিযোগ উত্থাপিত হৈছিল ৷ এই লৈ কেন্দ্ৰীয় চৰকাৰ আৰু মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ চৰকাৰৰ মাজত মতানৈক্যৰো সৃষ্টি হৈছিল ৷ বহু সংখ্যক প্ৰব্ৰজনকাৰী লোকৰ উপস্থিতি থকা ৰাজ্যখনত 302 খন বিশেষ ট্ৰেইনৰ 2 খনহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে ৷

ৰেলৱে'ৰ নিৰ্দেশাৱলী অনুসৰি, প্ৰব্ৰজনকাৰী সকলক নিজ ৰাজ্যত উপস্থিত কৰোৱা এই ট্ৰেইনৰ চলাচলৰ বাবে প্ৰব্ৰজনকাৰী প্ৰেৰণ কৰা ৰাজ্য আৰু যি ৰাজ্যলৈ প্ৰেৰণ কৰা হয় এই দুই ৰাজ্যই সন্মতি প্ৰদান কৰিব লাগে ৷

ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ, উড়িশা আৰু পশ্চিমবংগত দেশৰ অধিক সংখ্যক প্ৰব্ৰজনকাৰী থাকে বুলি গণ্য কৰা হয় ৷ তৃণমূল কংগ্ৰেছৰ নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰে ৰাজ্যখনলৈ অতি কম সংখ্যক ট্ৰেইন প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷

বিহাৰে 73 খন ট্ৰেইনৰ অনুমতি প্ৰদান কৰিছে ৷ ইয়াৰে 17 খন বৰ্তমানেও অপাৰেছন চলাই থকাৰ লগতে 15 খন সাজু হৈছে ৷ উত্তৰ প্ৰদেশে 88 খন শ্ৰমিক বিশেষ ট্ৰেইনেৰে প্ৰব্ৰজনকাৰীক নিজ ৰাজ্যলৈ উভতাই আনিছে ৷ 33 খন অপাৰেছনত ব্যস্ত থকাৰ লগতে 21 খন আগন্তক কিছুদিনৰ পৰা কাৰ্যকৰী হ'ব ৷

একেদৰে, ঝাৰখণ্ডে 13 খন ট্ৰেইনৰ অনুমতি ইতিমধ্যে প্ৰদান কৰিছে ৷ 3 খনে অপাৰেছন চলাই থকাৰ লগতে 2 খন সাজু হৈছে ৷ উড়িশাই 20 খন ট্ৰেইনেৰে প্ৰব্ৰজনকাৰীক নিজ ৰাজ্যলৈ উভতাই আনিছে ৷

কিন্তু, শনিবাৰে পশ্চিমবংগ চৰকাৰে মন্তব্য কৰে যে, তেওঁলোকে কৰ্ণাটক, তামিলনাডু, তেলেংগানা, ৰাজস্থান আৰু পাঞ্জাৱৰ 10 খন ট্ৰেইন প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে ৷ প্ৰব্ৰজনকাৰী সকলক ঘূৰি আহিবলৈ অনুমতি প্ৰদান নকৰা বুলি গৃহ মন্ত্ৰী অমিত শ্বাহে অভিযোগ উত্থাপন কৰা পাচতে 10 খন ট্ৰেইনৰ অনুমতি প্ৰদান কৰা বুলি জানিবলৈ দিয়ে পশ্চিমবংগই ৷

শ্বাহে কয় যে, এয়া প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বিৰুদ্ধে অন্যায় ৷ ইয়াৰ ফলত তেওঁলোকৰ সমস্যা আৰু বৃদ্ধি পাব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.