ETV Bharat / bharat

ভাৰতীয় কৃষিখণ্ডত ডিজিটেলি মনোনিৱেশ কৰিব মাইক্ৰছফটে - ভাৰতীয় কৃষিখণ্ডত ডিজিটেলি মনোনিৱেশ কৰিব মাইক্ৰছফটে

তথ্য-প্ৰযুক্তি সংস্থা মাইক্ৰ'ছফটে ভাৰতীয় কৃষিখণ্ডৰ বাবে কাম কৰাৰ সদিচ্ছা প্ৰকাশ কৰিছে ৷ ইয়াৰ বাবে সংস্থাটোৱে কৃষিজনিত দিশবোৰ ডিজিটেলি সম্পাদন কৰিবলৈ আগবাঢ়িছে ৷ কৃষিখণ্ডৰ সৈতে জড়িত ষ্টাৰ্ট-আপছ বোৰক সহায় কৰিব বিশ্বৰ বৃহত্তম তথ্য প্ৰযুক্তি সংস্থাটোৱে ৷

ভাৰতীয় কৃষিখণ্ডত ডিজিটেলি মনোনিৱেশ কৰিব মাইক্ৰছফটে

author img

By

Published : Jun 3, 2020, 7:39 PM IST

নিউজ ডেস্ক, 3 জুনঃ কৃষিখণ্ডৰ উন্নতি তথা সংশোধনৰ বাবে ভাৰতত থকা কৃষিপ্ৰযুক্তিগত ষ্টাৰ্ট-আপছক লৈ এক প্ৰকল্প আৰম্ভ কৰাৰ বিষয়ে প্ৰকাশ কৰিছে বৃহৎ প্ৰযুক্তিগত সংস্থা মাইক্ৰ'ছফটে ৷ এই প্ৰকল্পৰ দ্বাৰা উদ্যোগজনিত বিশেষ সমাধান, ক্ৰমবিকাশৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ব্যৱসায় তথা বজাৰ সম্পদ আদিৰ ওপৰত কাম কৰিব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে ৷

কৃষি-প্ৰযুক্তি ষ্টাৰ্ট-আপছে দেশৰ কৃষিখণ্ডক উদ্ভাৱনী ডিজিটেল সমাধানৰ দ্বাৰা উৎপাদন বৃদ্ধি, বজাৰৰ উৎস স্থাপন, যোগান শৃংখল বৃদ্ধি আৰু কৃষি-ব্যৱসায়ত অধিক মনোনিৱেশ কৰাৰ ক্ষেত্ৰত কাম কৰি আছে ৷ ষ্টাৰ্ট-আপছসমূহে Azure FarmBeatsৰ সহযোগত ডাটা অভিযান্ত্ৰিকীৰ বিপৰীতে প্ৰাৰম্ভিক মূল্যবোধৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ সক্ষম হ'ব বুলি প্ৰকাশ কৰিছে মাইক্ৰ'ছফটে ৷ Azure Marketplaceৰ সহায়ত এই সংস্থাটোৱে কৃষিখণ্ডৰ তথ্যসমূহ বিভিন্ন উপায়ৰ মাধ্যমত কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সংহত কৰি আহিছে ৷ গুণগত বীজৰ সৈতে জড়িত C খণ্ডৰ ষ্টাৰ্ট-আপছে Azure Marketplaceৰ অনবোৰ্ড প্ৰযুক্তিগত সহায়ৰ দ্বাৰা তেওঁলোকৰ ব্য়ৱসায় বৃদ্ধি কৰিবলৈ সক্ষম হ'ব বুলিও সংস্থাটোৱে প্ৰকাশ কৰিছে ৷ এন্টাৰপ্ৰাইজৰ দ্বাৰা জড়িত ষ্টাৰ্ট-আপছে তেওঁলোকৰ বজাৰ দখল নীতিৰ দ্বাৰা এইক্ষেত্ৰত প্ৰযুক্তিগত সহায়ো লাভ কৰিব যাৰ দ্বাৰা তেওঁলোকে অতি কম সময়ৰ ভিতৰত মাইক্ৰ'ছফটৰ ইকোচিষ্টেমৰ ভিতৰত যিকোনো সমস্য়াৰ সমাধান উলিয়াবলৈ সক্ষম হ'ব ৷ মাইক্ৰ'ছফটে প্ৰকাশ কৰা অনুসৰি, কৃষিখণ্ডত ডিজিটেল সমাধান বিচৰা ষ্টাৰ্ট-আপছে Azure FarmBeatsৰ সহযোগত তেওঁলোকৰ ডাটাসমূহ কাষ্টমাইজড কৰিব পাৰিব বুলি জানিব পৰা গৈছে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.