ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ পৰা 10,000 অৰ্ধসামৰিক জোৱান আঁতৰাই আনিবলৈ নিৰ্দেশ কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে তৎকালীনভাৱে বলৱৎ হোৱাকৈ জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ 10,000 জোৱান আঁতৰাই আনিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ এবছৰ পিচত জম্মু-কাশ্মীৰৰ পৰিস্থিতি সুস্থিৰ বাবেই এই নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৷

author img

By

Published : Aug 20, 2020, 12:29 AM IST

MHA orders immediate withdrawal of 10,000 Paramilitary from J&K
জম্মু-কাশ্মীৰৰ পৰা 10,000 অৰ্ধসামৰিক জোৱান আঁতৰাই আনিবলৈ নিৰ্দেশ কেন্দ্ৰৰ

নিউজ ডেস্ক, 19 আগষ্ট : শতিকাৰ ভিতৰত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ পৰা অৰ্ধসামৰিক বাহিনী প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ এবছৰৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ সেই অনুসৰি, কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা আঁতৰাই আনিব কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ 10,000 জোৱান ৷ বুধবাৰে তৎকালীনভাৱে বলৱৎ হোৱাকৈ এই নিৰ্দেশনা প্ৰদান কৰা গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ক ৷

লগতে পঢ়কঃ নতুন দিল্লীত তিনিদিনীয়া কাৰ্যসূচীৰে নৌ সেনাৰ কমাণ্ডাৰসকলৰ বৈঠক

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক নিৰ্দেশনাত এই তথ্য প্ৰকাশ পাইছে ৷ সেই অনুসৰি, জম্মু-কাশ্মীৰত মোতায়েন হৈ থকা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ প্ৰায় 100 টা কোম্পানী আঁতৰাই নিজ নিজ স্থায়ী ঘাটিলৈ প্ৰেৰণৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে আৰু ইয়াৰ বাবে তৎকালীনভাৱে বলৱৎ হোৱাকৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷

চিআৰপিএফৰ জীৱন ৰক্ষক দলৰ এগৰাকী জোৱান

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জম্মু-কাশ্মীৰৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বৰ্তমানে জম্মু-কাশ্মীৰৰ পৰিস্থিতি শান্ত হৈ পৰিছে আৰু সন্ত্ৰাসজনিত ঘটনা কমি আহিছে ৷ যাৰ ফলত কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰত মোতায়েন হৈ থকা বৃহৎ বাহিনী আঁতৰাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ পূৰ্বে বিগত মে'ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জম্মু-কাশ্মীৰৰ পৰা আঁতৰাই আনিছিল কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ 10টা কোম্পানী ৷

গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি, 10,000 জোৱানৰ ভিতৰত চিআৰপিএফৰ সৰ্বাধিক 40টা কোম্পানী আৰু চিআইএছএফ,এছএছবি,বিএছএফৰ 20টাকৈ কোম্পানীক নিজ নিজ স্থায়ী ঘাটিলৈ ঘুৰাই অনাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলৰ এই বৃহৎ গতিবিধি নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে চিআৰপিএফক দায়িত্ব প্ৰদান কৰা হৈছে আৰু চিআৰপিএফে দিল্লী তথা অন্যান্য স্থানলৈ এই 100টা কোম্পানীক বিমানেৰে ঘুৰাই আনিব বুলি জানিব পৰা গৈছে ৷

জম্মু-কাশ্মীৰত মোতায়েন হৈ থকা চিআৰপিএফ বাহিনীৰ এটা দল

কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰত অৰ্ধসামৰিক বাহিনী মোতায়েনৰ দিশত শেহতীয়াকৈ কৰা পুনৰীক্ষণৰ পিচতেই এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ শেহতীয়া এই সিদ্ধান্তৰ পিচতেই জম্মু-কাশ্মীৰত অন্যান্য বাহিনীসমূহৰ লগতে চিআৰপিএফৰ 60টা বেটালিয়ন নিযুক্ত হৈ থাকিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ ভাৰতীয় সেনাৰ 40 গৰাকী জোৱানে দান কৰিলে প্লাজমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.