নেশ্যনেল ডেস্ক, 24 জুলাই : কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে শুকুৰবাৰে ক'ভিড-19 মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাধীনতা দিৱস উদযাপনৰ ক্ষেত্ৰত কিছু নিৰ্দেশনাৱলী জাৰি কৰিছে ৷ এক প্ৰেছ বিজ্ঞপ্তিত মন্ত্ৰণালয়ে সকলো চৰকাৰী কাৰ্যালয়,ৰাজ্য,ৰাজ্যপালক স্বাধীনতা দিৱস উদযাপনৰ সময়ত জনসমাগম নোহোৱাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ নিৰ্দেশনাত কোৱা হয় যে,বৃহৎ জনসমাগম হ'বলৈ দিয়া অনুচিত আৰু সকলোৰে মাজত এই দিৱসৰ উদযাপন প্ৰচাৰ হ'বৰ বাবে অনলাইন মাধ্যমৰ সহায় লোৱা হ'ব ৷
নিৰ্দেশনা মতে,এইবাৰৰ স্বাধীনতা দিৱসৰ আয়োজনত থাকিব প্ৰধানমন্ত্ৰীৰ বক্তৃতা,ৰাষ্ট্ৰীয় পতাকাৰ উত্তোলন,21 টোপৰ চালাম আৰু ত্ৰিৰংগাৰ বেলুন প্ৰদৰ্শন ৷ গৃহ মন্ত্ৰণালয়ে লগতে জনাই যে,ৰাজ্য,জিলা আৰু পঞ্চায়ত পৰ্যায়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাটো বাধ্যতামূলক ৷
ক'ভিড-19ৰ বিৰুদ্ধে যুঁজি থকা চিকিৎসক,স্বাস্থ্যকৰ্মী,চাফাই কৰ্মীসকলক তেওঁলোকৰ অৱদানৰ বাবে মান্যতা প্ৰদান কৰিবৰ বাবে আমন্ত্ৰণ জনাবলৈ নিৰ্দেশাৱলীত পৰামৰ্শ দিয়া হৈছে ৷ লগতে কিছুসংখ্যক ক'ভিড-19 আৰোগ্য ৰোগীকো আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক : কৰ'ণা মুক্ত বিশ্বৰ প্ৰাৰ্থনাৰে ভাৰতৰ ভিন্ন তীৰ্থস্থানলৈ পদযাত্ৰা ৭০ বছৰীয়া বৃদ্ধৰ