নতুন দিল্লী,30 এপ্ৰিল : নতুন দিল্লীৰ পৰা মিৰাটলৈ 82 কিমি ভ্ৰমণৰ সময় 49 মিনিটলৈ হ্ৰাস ৷ 27 খনকৈ চহৰত মেট্ৰ ৰেলৰ যোগাযোগৰ প্ৰকল্প ৷
নগৰ আবাস উন্নয়ন বিভাগৰ কেন্দ্ৰীয় সচিব দুৰ্গা শংকৰ মিশ্ৰাই বিগত পাঁচ বছৰত বিভাগটোৰ খতিয়ান দাঙি ধৰি প্ৰকাশ কৰে যে ,বিভাগটোৱে 27 খনকৈ চহৰত মেট্ৰ ৰেলৰ যোগাযোগৰ প্ৰকল্প হাতত লৈছে ৷ ডিজিটেল দ্ৰুত পৰিবহন ব্যৱস্থাৰ জৰিয়তে দিল্লী পৰা মিৰাটলৈ যাত্ৰাৰ সময় 89 মিনিটলৈ হ্ৰাস হ'ব ৷ ইতিমধ্যে আৰম্ভ কৰিছে এই প্ৰকল্পৰ কাম ৷ লগতে দেশত 800 কিমি মেট্ৰ ৰেলৰ নিৰ্মাণ কাৰ্য চলি থকাৰ উপৰিও বিগত পাঁচটা বছৰত 400 কিমি মেট্ৰ লাইনৰ ইতিমধ্যে কাম সম্পূৰ্ণ সম্পন্ন হৈছে বুলি বিভাগটোৰ তৰফৰ পৰা প্ৰকাশ কৰা হয় ৷
লগতে পঢ়ক : ফেণীৰ প্ৰভাৱঃ সাহায্যৰ বাবে সাজু নৌসেনা
ইয়াৰোপৰি বিভাগটোৱে স্বচ্ছ ভাৰত মিছনৰ অধীনত হাতত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কয় যে , ইতিমধ্যে 23 এখন ৰাজ্য মুকলি শৌচ প্ৰসাৱ মুক্ত ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে ৷ 63 লাখ লোকৰ ঘৰত শৌচাগাৰ নিৰ্মাণ কৰা হৈছে ৷ বিভাগটোৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি নগৰ উন্নয়নৰ ক্ষেত্ৰত হাতত লোৱা বিশেষ আঁচনিৰ অধীনত চহৰৰ জনজীৱনৰ জীৱন ধাৰণৰ গুণগত মানদণ্ড উন্নয়নৰ বাবে বিভাগটোৱে পৰিকল্পনা হাতত লৈছে ৷