ETV Bharat / bharat

অৰণ্যৰ বিশ্বকোষ তুলসী গৌড়ালৈ পদ্মশ্ৰী বঁটা - Padmashri award for Encyclopedia of Forest Tulasi Gowda

তুলসী গৌড়া নামৰ মহিলাগৰাকী হৈছে এগৰাকী থলুৱা পৰিৱেশবিদ যিয়ে তেওঁৰ চৌপাশৰ বনানীকৰণৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে । কৰ্ণাটকৰ উপকূলীয় অঞ্চলত অৱস্থিত আনকলা তালুকত তেওঁ অকলেই এক লাখ গছপুলি ৰোপণ কৰিছে ।

অৰণ্যৰ বিশ্বকোষ তুলসী গৌড়ালৈ পদ্মশ্ৰী বঁটা

author img

By

Published : Mar 3, 2020, 2:53 PM IST

নেশ্যনেল ডেস্ক, 3 মাৰ্চঃ এই বৰ্ষত পদ্মশ্ৰী বঁটা প্ৰাপ্তসকলৰ তালিকাত ‘অৰণ্যৰ বিশ্বকোষ’ আৰু ‘হাৰেকালা হাজ্জাবা’ হিচাপে জনাজাত কৰ্ণাটকৰ তুলসী গৌড়াও আছে । ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মানসমূহ ঘোষণা কৰে। বিভিন্ন ক্ষেত্ৰত যেনে সমাজ সেৱা,ৰাজহুৱা বিষয়,বিজ্ঞান আৰু অভিযান্ত্ৰিক,বাণিজ্য আৰু উদ্যোগ, চিকিৎসা,সাহিত্য আৰু শিক্ষা,ক্ৰীড়া,অসামৰিক সেৱা আদিত অনবৈদ্য অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকললৈ এই বঁটা প্ৰদান কৰা হয় ।

Meet Tulasi Gowda: The Encyclopedia of Forest and a Padma Shri recipient
অকলেই এক লাখ গছপুলি ৰোপণ কৰিছে তুলসী গৌড়াই
তুলসী গৌড়া নামৰ মহিলাগৰাকী হৈছে এগৰাকী থলুৱা পৰিৱেশবিদ যিয়ে তেওঁৰ চৌপাশৰ বনানীকৰণৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে । কৰ্ণাটকৰ উপকূলীয় অঞ্চলত অৱস্থিত আনকলা তালুকত তেওঁ অকলেই এক লাখ গছপুলি ৰোপণ কৰিছে । যদিও তেওঁ অশিক্ষিত,গছ-গছনিৰ ক্ষেত্ৰত তেওঁৰ জ্ঞানৰ তুলনা কৰিব নোৱাৰি। বন বিভাগত কাম কৰি থকাৰ সময়ত তেওঁ এই জ্ঞান ব্যৱহাৰ কৰিছিল । হোনালি গাঁৱত বসবাস কৰা এইগৰাকী সাধাৰণ মহিলা গছৰ প্ৰতি থকা তেওঁৰ অন্তহীন ভালপোৱা তথা পৰিৱেশৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে জনাজাত।
অৰণ্যৰ বিশ্বকোষ তুলসী গৌড়ালৈ পদ্মশ্ৰী বঁটা

তুলসী গৌড়াৰ বৰ্তমানৰ বয়স ৭৪ বছৰ আৰু তেওঁ চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । কিন্তু গৌড়াই তেওঁৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । তথ্য অনুসৰি গছপুলিবোৰ নিজে থিয় হৈ উঠিব নোৱৰালৈকে তেওঁ গছপুলি ৰোৱাৰ সকলো দায়িত্ব লোৱাৰ লগতে সেইবোৰৰ যত্ন লয় । হালাক্কি জনজাতিৰ তেওঁ এগৰাকী জনজাতীয় মহিলা । তেওঁৰ গাঁৱত অনিয়ন্ত্ৰিত উন্নয়নৰ নামত ব্যাপক হাৰত হোৱা নিৰ্বনীকৰণত মহিলাগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে । কৰ্ণাটকৰ ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে কেইবাবোৰো গৌড়াই তেওঁৰ জিলাখনৰ পৰিৱেশ সংৰক্ষণৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সম্বৰ্দ্ধনা জ্ঞাপন কৰিছে l তেওঁ কৰ্ণাটকৰ ৰাজ্যসভা বঁটাও লাভ কৰিছে ।

কৰ্ণাটকৰ ৰাজ্যসভা বঁটাও লাভ কৰিছে তুলসী গৌড়াই

লগতে চাওকঃ

পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ অহ্বান আলোচনাপন্থী আলফাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.