ETV Bharat / bharat

হাইড্ৰক্সিক্ল'ৰকুইন আৱিষ্কাৰকৰ জন্ম হৈছিল ভাৰতত

author img

By

Published : Apr 9, 2020, 10:11 AM IST

হাইড্ৰক্সিক্ল'ৰকুইন ঔষধৰ আৱিষ্কাৰক হৈছে ছাৰ ৰনাল্ড ৰছ । ভাৰতত জন্ম গ্ৰহণ কৰা এই চিকিৎসকগৰাকী হৈছে ন'বেল পুৰস্কাৰ লাভ কৰা প্ৰথমগৰাকী ব্ৰিটিছ ।

Meet India-born nobel prize winner who discovered hydroxychloroquine

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ বিশ্বতে এতিয়া সন্ত্ৰাসৰ কাৰণ হৈছে মহামাৰী কৰ'ণা ভাইৰাছ । শেহতীয়াকৈ আমেৰিকাই ভাৰতৰ পৰা এবিধ ঔষধ ৰপ্তানিৰ বাবে আহ্বান জনাইছিল । এই ঔষধ ৰপ্তানি কৰা নকৰাক লৈও যথেষ্ট চৰ্চা লাভ কৰিছিল সংবাদ মাধ্যমত । এই ঔষধ বিধ হৈছে হাইড্ৰক্সিক্ল'ৰকুইন

উল্লেখ্য যে, এই ঔষধৰ আৱিষ্কাৰক জন হৈছে ভাৰতত জন্মগ্ৰহণ কৰা ডাঃ ছাৰ ৰনাল্ড ৰছ । ভাৰতবৰ্ষৰ উত্তৰাখণ্ডৰ আলমৰা জিলাত জন্মগ্ৰহণ কৰিছিল এইগৰাকী চিকিৎসকে ।

আনহাতে ১৯০২ চনত মেডিচিনৰ বাবেই ন'বেল পুৰস্কাৰৰে সন্মানিত কৰা হৈছিল ডাঃ ছাৰ ৰনাল্ড ৰছক । ন'বেল পুৰস্কাৰ লাভ কৰা প্ৰথমগৰাকী ব্ৰিটিছ হৈছে ছাৰ ৰনাল্ড ৰছ ।

এটা সময়ত মেলেৰিয়া ৰোগটো আছিল অতি ভয়াৱহ ৰোগ । এই ৰোগত মৃত্যু হৈছিল অসংখ্য লোকৰ । মানুহে বিশ্বাস কৰিছিল মেলেৰিয়া জ্বৰ হৈছিল সমতল অঞ্চলত বলা প্ৰদূষিত বায়ুৰ ফলত । কিন্তু প্ৰথমবাৰ বাবে এই ৰোগ ম'হৰ দ্বাৰা হয় বুলি প্ৰমাণিত কৰিছিল ৰনাল্ড ৰছে । তাৰ পাচতেই তেওঁ কুইনাইন নামৰ প্ৰতিষেধকৰ আৱিষ্কাৰ কৰিছিল । যাৰ বাবে তেওঁক পিচলৈ ন'বেল পুৰস্কাৰ দিয়া হৈছিল ।

আলমৰা জিলাত জন্মগ্ৰহণঃ

১৩ মে' ১৮৫৭ চনত উত্তৰাখণ্ডৰ আলমৰা জিলাত জন্মগ্ৰহণ কৰিছিল ছাৰ ৰনাল্ড ৰছে । তেওঁ জন্মগ্ৰহণ কৰা ঘৰৰখন কানকাৰকটি আৱাস হিচাপেও জনাজাত । বৰ্তমানো এই বাসগৃহ সেই ঠাইতে অৱস্থিত ।

পিচলৈ কুইনান ঔষধকে ক্ল'ৰকুইনলৈ পৰিৱৰ্তন কৰি মেলেৰিয়া নিৰ্মূলৰ বাবে ব্যৱহাৰ কৰা হৈছে বুলি উল্লেখ কৰে প্ৰাক্তন স্বাস্থ্য নিৰ্দেশক ডাঃ জে.চি দুৰ্গাপালে । ক্ল'ৰকুইন ঔষধবিধ কেৱল মেলেৰিয়া বাবেই নহয় অন্যান্য ৰোগৰ বাবেও উপযোগী । যেনে এট'ইমিউন ডিছঅডাৰ বা গাঁঠি বিষৰ লগতে আঁঠুৰ বিষ, দন্তশূলৰ বাবেও উত্তম ।

অৱশ্যে কৰ'ণা ভাইৰাছৰ মহামাৰী বাবে এই ঔষধ কিমান ফলপ্ৰসূ সেই কথা নিশ্চিত ভাৱে কোৱা কঠিন যদিও যি সকল এই ভাইৰাছৰ আক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে তেওঁলোকৰ বাবে এই ঔষধ উপযোগী বুলি উল্লেখ কৰে দুৰ্গাপালে । যাৰ বাবেই আমেৰিকাৰ দৰে দেশে ভাৰতত সৰ্বাধিক উৎপাদিত ঔষধবিধৰ যোগান ধৰাৰ অহ্বান কৰিছে ।

অৱশ্যে ডাঃ দুৰ্গাপালে লগতে কয় এই ঔষধৰ বহুতো ক্ষতিকাৰক দিশো আছো । শৰীৰত তেজৰ মাত্ৰা বৃদ্ধি কৰাত বাধা প্ৰদান কৰাৰ বাবেই এই ঔষধ গৰ্ভৱতী মহিলাৰ লগতে শিশুক দিয়া নহয় ।

লেখক হোৱাৰ ইচ্ছা আছিল ছাৰ ৰনাল্ড ৰছৰঃ

ব্ৰিটিছ ইণ্ডিয়ান আৰ্মী ছাৰ কেম্বেল গ্ৰাণ্ট ৰছ আৰু মাটিলডা চাৰলট্ ইল্ডাৰটনৰ দহগৰাকী শিশুৰ ভিতৰত আটাইতকৈ জেষ্ঠ আছিল ৰনাল্ড ৰছ । ৮ বছৰ বয়সতেই অধ্যয়নৰ বাবে ইংলেণ্ডলৈ পঠাই দিয়া হৈছিল ৰছক । সৰু কালত চিত্ৰাংকন আৰু কবিতাত অধিক আগ্ৰহ আছিল ৰুছৰ । ৰছে চিত্ৰাংকনৰ বাবে ১৬ বছৰ বয়সত ৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰিবলৈ সক্ষম হৈছিল । লেখক হোৱাৰ মনোবৃত্তি ৰখা ৰছক পিতৃয়ে মেডিকেল কলেজত নামভৰ্তি কৰাই দিছিল । ২২ বছৰ বয়সতেই চিকিৎসকৰ ডিগ্ৰী লাভ কৰিছিল প্ৰতিভাৱান ৰনাল্ড ৰছে । তাৰ ২ বছৰৰ পাচতেই ভাৰতীয় চিকিৎসা সেৱাত যোগদান কৰে আৰু তাত সুদীৰ্ঘ ২৫ বছৰ নিজৰ সেৱা আগবঢ়ায় । সেই সময়তেই তেওঁ ইংলেণ্ডত বেক্ট্ৰিয়'লজি (Bacteriology) ৰ ওপৰত অধ্যয়ন কৰে । সেই অধ্যয়নেই তেওঁৰ জীৱনৰ গতি সলনি কৰাত মুখ্য় ভূমিকা পালন কৰে ।

মেডিচিন বা ঔষধৰ বাবে ন'বেল পুৰস্কাৰঃ

ভাৰতৰ বিভিন্ন ঠাইত ঘূৰি ফুৰি থকাৰ সময়তে মেলেৰিয়াৰ ওপৰত গৱেষণা আৰম্ভ কৰিছিল ৰছে । ২১ আগষ্ট, ১৮৯৭ চনত তেওঁ গৱেষণাত লাভ কৰিছিল আচলতে মহে কামোৰাৰ ফলত সৃষ্টি হয় মেলেৰিয়া ৰোগ

লগতে পঢ়ক- COVID-19: আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস হীৰাৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.