ETV Bharat / bharat

হিমাচলত 1 ডিচেম্বৰৰ পৰা পুনৰ আৰম্ভ চিকিৎসা মহাবিদ্যালয়সমূহ

author img

By

Published : Nov 28, 2020, 11:51 AM IST

কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ কথা আগত ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰৰ এটি তিনিজনীয়া দলে হিমাচল প্ৰদেশৰ পৰিস্থিতি পৰিদৰ্শন কৰিছে ৷ ৰাজ্যখনৰ কুল্লু, চিমলাৰ ৰামপুৰ খানেৰী আৰু ৰোহৰুত তিনিখন নতুন কোভিড চিকিৎসালয় 1 ডিচেম্বৰৰ পৰা মুকলি কৰা হ’ব ৷ তদুপৰি আন তিনিখন জিলা ক্ৰমে কাংগড়া, মণ্ডী আৰু চিমলাত এম্বুলেঞ্চ সেৱাৰ ব্যৱস্থা কৰা হ’ব ৷

Medical colleges in Himachal to re open from December 1 Etv bharat news
হিমাচল প্ৰদেশৰ পৰিস্থিতি

চিমলা,28 নৱেম্বৰ: কোভিড 19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত প্ৰায় 9 মাহে বন্ধ হৈ আছিল হিমাচল প্ৰদেশৰ চিকিৎসা মহাবিদ্যালয়সমূহ ৷ ৰাজ্যখনৰ স্বাস্থ্য সচিব অমিতাভ অৱস্থিয়ে 1 ডিচেম্বৰৰ পৰা চিকিৎসা আৰু নাৰ্চিং মহাবিদ্যালয়সমূহ 100 গৰাকী কৰ্মচাৰীৰ সৈতে পুনৰ আৰম্ভ হোৱাৰ বিষয়ে ঘোষণা কৰে ৷

অৱস্থিয়ে জনোৱা অনুসৰি, চিকিৎসা, নাৰ্চিং আৰু পেৰামেডিকেলৰ ছাত্ৰসকলে পাঠদানত অংশগ্ৰহণ কৰাৰ পূৰ্বে কোভিড 19 ৰ পৰীক্ষা কৰিব লাগিব ৷ ইয়াৰ লগতে শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ সন্মতিপত্ৰ দৰকাৰী হ’ব ৷ প্ৰথম আৰু চূড়ান্ত বৰ্ষৰ পৰীক্ষা 1 ডিচেম্বৰৰ পৰা আৰু বাকী শ্ৰেণীসমূহ 7 ডিচেম্বৰৰ পৰা পুনৰ আৰম্ভ হ’ব ৷

স্বাস্থ্য সচিবগৰাকীয়ে লগতে কয় যে, কৰ’ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰসমূহত প্ৰয়োজনীয় সা-সুবিধাযুক্ত বিচনা আৰু অক্সিজেনৰ পৰ্যাপ্ত যোগান ধৰা হৈছে ৷ চিকিৎসালয়সমূহত অতিৰিক্ত 100 অক্সিডেন চিলিণ্ডাৰৰ যোগান ধৰা হৈছে ৷ স্বাস্থ্য বিভাগ আৰু হিমাচল চৰকাৰে মহামাৰীবিধৰ সৈতে যুঁজিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে ৷

কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ কথা আগত ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰৰ এটি তিনিজনীয়া দলে বৰ্তমান ৰাজ্যখনৰ পৰিস্থিতি পৰিদৰ্শন কৰিছে ৷ ৰাজ্যখনৰ কুল্লু, চিমলাৰ ৰামপুৰ খানেৰী আৰু ৰোহৰুত তিনিখন নতুন কোভিড চিকিৎসালয় 1 ডিচেম্বৰৰ পৰা মুকলি কৰা হ’ব ৷ তদুপৰি আন তিনিখন জিলা ক্ৰমে কাংগড়া, মণ্ডী আৰু চিমলাত এম্বুলেঞ্চ সেৱাৰ ব্যৱস্থা কৰা হ’ব ৷

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহত 1 ডিচেম্বৰৰ পূৰ্বে চিকিৎসা মহাবিদ্যালয়সমূহ পুনৰ আৰম্ভ কৰাৰ বাবে আহ্বান জনাইছিল ৷

লগতে চাওকঃ মুম্কিন: যুৱ প্ৰজন্মৰ বিকাশৰ বাবে জম্মু-কাশ্মীৰত নতুন আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.