ETV Bharat / bharat

'বন্দে ভাৰত মিছন' বিদেশত আৱদ্ধ সকলো লোকৰ বাবে, ইয়াত ভেদাভেদ নাইঃ অনুৰাগ শ্ৰীৱাস্তব

author img

By

Published : May 15, 2020, 12:09 PM IST

পশ্চিম বংগৰ গৃহ সচিব পাৰ্থ চেটাৰ্জীৰ টুইটৰ প্ৰতি সহাৰি জনাই অনুৰাগ শ্ৰীৱাস্তবে কয় যে, ' বৈদেশিক মন্ত্ৰণালয়ে ৰাজ্যসমূহৰ মাজত কোনোধৰণৰ ভেদাভেদ কৰা নাই । ভাৰত চৰকাৰৰ 'বন্দে ভাৰত মিছন' বিদেশত আবদ্ধ হৈ থকা পশ্চিম বংগৰ লগতে অন্যান্য ৰাজ্যৰ সকলো লোকৰ ক্ষেত্ৰতে প্ৰযোজ্য । ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুঠ 3,700 গৰাকী ভাৰতীয় লোকে প্ৰত্যাৱৰ্তনৰ বাবে নাম পঞ্জীয়ন কৰিছে ।'

MEA doesn't discriminate between states, Vande Bharat for all stranded Indians: spokesperson
'বন্দে ভাৰত মিছন' বিদেশত আবদ্ধ সকলো লোকৰ বাবে

নতুন দিল্লী,15 মেঃ বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰণালয়ে কেন্দ্ৰৰ 'বন্দে ভাৰত মিছন' বিদেশত আৱদ্ধ হৈ থকা সকলো পৰ্যায়ৰ লোকৰ বাবে বুলি স্পষ্ট কৰি দিয়ে । পশ্চিম বংগৰ গৃহ সচিব পাৰ্থ চেটাৰ্জীয়ে কেন্দ্ৰই ৰাজ্যসমূহৰ মাজত ভেদাভেদ কৰাৰ অভিযোগৰ প্ৰতি সহাৰি জনাই বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীৱাস্তবে এই কথা স্পষ্ট কৰি দিয়ে ।

উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ বাবে বিভিন্ন দেশত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকলক ওভটাই অনাৰ বাবে ভাৰত চৰকাৰে 7 মে'ত 'বন্দে ভাৰত মিছন' আৰম্ভ কৰিছিল ।

পশ্চিম বংগৰ গৃহ সচিব পাৰ্থ চেটাৰ্জীৰ টুইটৰ প্ৰতি সহাৰি জনাই অনুৰাগ শ্ৰীৱাস্তবে কয় যে, 'বৈদেশিক মন্ত্ৰণালয়ে ৰাজ্যসমূহৰ মাজত কোনোধৰণৰ ভেদাভেদ কৰা নাই । ভাৰত চৰকাৰৰ 'বন্দে ভাৰত মিছন' বিদেশত আবদ্ধ হৈ থকা পশ্চিম বংগকৰ লগতে অন্যান্য ৰাজ্যৰ সকলো লোকৰ ক্ষেত্ৰতে প্ৰযোজ্য । ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰন্তৰ মুঠ 3,700 গৰাকী ভাৰতীয় লোকে প্ৰত্যাৱৰ্তনৰ বাবে নাম পঞ্জীয়ন কৰিছে ।'

পাৰ্থ চেটাৰ্জীয়ে টুইটাৰযোগে অভিযোগ উত্থাপন কৰিছিল যে, 'জৰ্জিয়াৰ পৰা সৰহ সংখ্যক লোক গুজৰাটলৈ উভটি আহিছে কিন্তু, কিন্তু কলকাতালৈ কোনো উভটি আহিব নিবিচাৰে ? ইয়াৰ উপৰিও কিৰগিস্তানৰ পৰা বিহাৰলৈ ওভটাই অনাৰ বাবে বহু লোক আছে কিন্তু পশ্চিম বংগলৈ অনাৰ বাবে নাই । এনেধৰণৰ অবিচাৰ বন্ধ কৰক । #মিঠ্যাবাদী বিজেপি'

ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীৱাস্তবে কয় যে, 'আমি পশ্চিম বংগলৈয়ো বিমানৰ যোগান ধৰিম যদিহে পশ্চিম বংগ চৰকাৰে লোকসকলক আদৰাৰ লগতে কোৱাৰেন্টাইনত ৰখাৰ বাবে প্ৰস্তুত । ইয়াৰ লগতে আমি প্ৰতিবেশীসকলৰ সৈতে স্থলপথেদি পশ্চিম বাংগৰ লোকসকলৰ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰতো সহায় কৰাৰ বাবে প্ৰস্তুত । আশাকৰো অতিশীঘ্ৰে আমি এইক্ষেত্ৰত সহাৰি লাভ কৰিম ।'

লগতে পঢ়ক-কোভিড-19: ভাৰতৰ ৰাজ্য সমূহৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.