ETV Bharat / bharat

দিল্লীত চাফাই কৰ্মীৰ অভাৱ !

লক্ ডাউনৰ পাচতেই দিল্লীত দেখা দিছে চেনিটাইজেশ্বন তথা চাফাই কৰ্মীৰ অভাৱে । বহু কম সংখ্য়ক মহিলা-পুৰুষ কৰ্মচাৰীহে বৰ্তমান নিয়োজিত হৈ আছে কৰ্মত ।

author img

By

Published : Apr 12, 2020, 10:27 AM IST

MCDs face cash crunch, sanitation workers missing amid lockdown

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ দিল্লীত অভাৱনীয় হাৰত হ্ৰাস পাইছে চেনিটাইজেশ্বন কৰ্মীৰ সংখ্যা । দিল্লীৰ তিনিখনকৈ পৌৰ নিগমত দেখা দিছে চেনিটাইজেশ্বন তথা চাফাই কৰ্মীৰ অভাৱ । কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি দেশত ২৪ মাৰ্চৰ মাজ নিশাৰ পৰা লক্ ডাউনৰ ঘোষণাৰ পাচতেই অভাৱনীয় হাৰত হ্ৰাস পাইছে কৰ্মীৰ সংখ্য়া । নতুন দিল্লীৰ নৰ্থ, চাউথ, আৰু ইষ্ট দিল্লীৰ পৌৰনিগমত এই অভাৱ পৰিলক্ষিত হৈছে ।

এই সন্দৰ্ভত ইষ্ট দিল্লীৰ মেয়ৰ অঞ্জু কমলে উল্লেখ কৰে যে, ৰাজ্য় চৰকাৰে ৮,০০০ কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে । যদি চৰকাৰে এবাৰ এই ধন ৰাশি মুকলাই দিয়ে তেন্তে ক্ষিপ্ৰতাৰে কাম কৰিব পৰা যাব । শ্ৰমিকৰ সুৰক্ষাৰ বাবে উপযুক্ত সঁজুলি ক্ৰয় কৰিবৰ বাবে প্ৰায় ৫০০ কোটি টকা প্ৰয়োজন বুলিও উল্লেখ কৰে মেয়ৰগৰাকীয়ে ।

নৰ্থ দিল্লীৰ মেয়ৰ অৱতাৰ সিঙেও একেধৰণৰ মন্তব্যই দিয়ে । সিঙে কয়, নগৰ নিগমে চাফাই শ্ৰমিক সকলক দুই মাহৰ বেতন দিবলৈ বাকী আছে । ৰাজ্য চৰকাৰে বৰ্তমানলৈ কেৱল ১০০০ কোটি টকাহে মুকলি কৰি দিছে । আনহাতে চাউথ দিল্লীৰ মেয়ৰে বৰ্তমানলৈ ৰাজ্য চৰকাৰৰ পৰা কোনো ধন লাভ নকৰাৰ কথা উল্লেখ কৰিছে ।

শ্ৰমিক সকলে কোনো ধৰণৰ সুৰক্ষা সৰঞ্জাম লাভ নকৰাৰ কথা স্পষ্ট কৰে চাফাই কৰ্মীৰ সভাপতি সঞ্জীৱ ঘালটে । আনহাতে আন্তঃৰাজ্যিক সীমান্ত বন্ধ কৰি দিয়াৰ বাবেই শ্ৰমিকৰ অভাৱ দেখা দিছে বুলি উল্লেখ কৰে । আমি সাজু আছো কাম কৰিবলৈ । কিন্তু অধিকাংশ শ্ৰমিকে দিল্লীৰ সীমান্ত অঞ্চলৰ আৰু আৰক্ষীয়ে কোনো শ্ৰমিকক ৰাজধানী চহৰলৈ সোমাবলৈ অনুমতি দিয়া নাই । যাৰ বাবে এই সমস্য়াৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.