ETV Bharat / bharat

লক ডাউনৰ বাবে কমি গৈছে শ্ৰমিক দিৱসৰ গুৰুত্ব

বাম মৰ্চা আৰু ট্ৰেড ইউনিয়নৰ নেতাসকলে সংগঠিত আৰু অ-সংগঠিত শ্ৰমিক সকলৰ বাবে আৰ্থিক পেকজৰ আৱশ্যকতা সম্পৰ্কে গুৰুত্ব আৰোপ কৰাৰ লগতে লক ডাউনৰ পাচত শ্ৰমিক সকলৰ চাকৰিৰ নিৰাপত্তা প্ৰদান কৰিবলৈয়ো আহ্বান জনায়।

লক ডাউন
লক ডাউন
author img

By

Published : May 2, 2020, 10:35 AM IST

নিউজ ডেস্ক, ২মে': শ্ৰমিক দিৱসৰ দিনা পশ্চিম বংগত বৃহৎ সভা আয়োজন কৰি শ্ৰমিকৰ অধিকাৰ সম্পৰ্কে আলোচনা কৰাৰ পৰিৱৰ্তে বাম মৰ্চা আৰু ট্ৰেড ইউনিয়নৰ নেতাসকলে সকলো শ্ৰমিকক সামাজিক মাধ্যমৰ যোগেৰে সম্বোধন কৰি লক ডাউনৰ সময়চোৱাত ল'বলগীয়া সাৱধানতা সম্পৰ্কে অৱগত কৰায় ।

নেতাসকলে সংগঠিত আৰু অ-সংগঠিত শ্ৰমিক সকলৰ বাবে আৰ্থিক পেকজৰ আৱশ্যকতা সম্পৰ্কে গুৰুত্ব আৰোপ কৰে । ইয়াৰ লগতে চৰকাৰৰ ওচৰত আহ্বান জনাই যাতে, লক ডাউন সমাপ্ত হোৱাৰ পাচত শ্ৰমিক সকলৰ নিয়োগ নিশ্চিত হয় ।

প্ৰতি বছৰে মে' দিৱসৰ দিনা কলকাতাত কেন্দ্ৰীয়ভাবে শ্ৰমিক দিৱস পালন কৰি বৃহৎ শোভাযাত্ৰা উলিয়াই । কিন্তু দেশ ব্যাপী চলি থকা লক ডাউনৰ বাবে এইবাৰ শ্ৰমিক দিৱস আয়োজিত নহ'ল ৰাজ্যখনত ।

CPI(M)ৰ CITU ৰ সভাপতি আনন্দি চাহুই কয় যে, লক ডাউনৰ পৰিপ্ৰেক্ষিতত এইবাৰ শ্ৰমিক দিৱসৰ গুৰুত্ব কমি গৈছে । তাৰে মাজতে অতি নগণ্য সংখক শ্ৰমিকে সামাজিক দূৰত্বৰ নিয়ম মানি আছে আৰু সাৱধানতা অৱলম্বন কৰি উদ্যোগৰ বাহিৰত পতাকা উত্তোলন কৰিছে । আৰু তেওঁলোকেও ফেচবুক লাইভৰ জৰিয়তে সংযোজিত হৈছে ।

শ্ৰমিকসকলক নিজ নিজ ৰাজ্যলৈ ঘূৰাই অনাৰ প্ৰসংগত চাহুই কয় যে, শ্ৰমিক সকল যোৱাৰ পাচত কামলৈ ঘূৰি অহালৈ এক দীঘলীয়া সময় লাগিব । শ্ৰমিক সকলে যাতে অৰ্থনৈতিক ক্ষেত্ৰত অসুবিধাৰ সন্মূখীন নহয় তাৰ বাবে চৰকাৰে গুৰুত্ব দিব লাগে ।

মে' দিৱসৰ দিনা তেওঁলোকে সমৰ্থক সকলক সম্বোধনৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ কৰে বুলিও জানিবলৈ দিয়ে ।

আনহাতে CITU ৰ ৰাজ্যিক কাৰ্যালয়ত সাধাৰণভাৱে পতাকা উত্তোলনৰ কাৰ্যসূচী আয়োজন কৰি পশ্চিমবংগ বাম মৰ্চাৰ অধ্যক্ষ বিমান বসুৱে পতাকা উত্তোলন কৰে ।

ইফালে ৰাজ্যখনৰ শ্ৰম মন্ত্ৰী পুৰ্নেন্দু বসুৱে কয় যে, অভিবাসী শ্ৰমিকসকলৰ বাবে ৰাজ্য চৰকাৰে তেওঁলোকৰ সহায় হ'ব পৰাকৈ আঁচনি ঘোষণা কৰিছে । এই আঁচনি অ-সংগঠিত শ্ৰমিক সকলৰ বাবে । লক ডাউনৰ ফলত অধিক ক্ষতিগ্ৰস্থ হোৱা এই শ্ৰমিকসকলৰ বাবে কেন্দ্ৰই বিশেষ একো কৰা নাই বুলিও কয় মন্ত্ৰী জনে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.