ETV Bharat / bharat

UAEৰ আজমান বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Aug 6, 2020, 8:36 AM IST

Updated : Aug 6, 2020, 9:42 AM IST

বুধবাৰে সন্ধিয়া প্ৰায় 6.30 বজাত সংযুক্ত আৰৱ এমিৰেটছ (UAE)ৰ আজমান অঞ্চলৰ বজাৰ এলেকাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ শেহতীয়া তথ্য অনুসৰি,এই ভয়ংকৰ অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই ৷

Massive fire
ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, 6 আগষ্ট: সংযুক্ত আৰৱ এমিৰেটছ (UAE)ৰ আজমান অঞ্চলৰ বজাৰ এলেকাত বুধবাৰে সন্ধিয়া প্ৰায় 6.30 বজাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ এলেকাটোৰ এখন চাহৰ দোকানত পানী আৰু ফেনজাতীয় সামগ্ৰী ব্যৱহাৰৰ ফলত জুইৰ সূত্ৰপাত হয় আৰু এই জুই সমীপৰ দোকানবোৰতো বিয়পি পৰে ৷ খালিজ টাইমছ নামৰ এক সংবাদ মাধ্যমে জানিবলৈ দিয়ে এই কথা ৷

সূত্ৰই জনোৱা মতে,ইউএইৰ নতুম উদ্যোগিক এলেকাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ৷ চাৰিটা অসামৰিক প্ৰতিৰক্ষা কেন্দ্ৰই এই জুই নুমুওৱাত জড়িত হৈ পৰে ৷

শেহতীয়া তথ্য অনুসৰি,এই ভয়ংকৰ অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই ৷ নিশা প্ৰায় 9 বজালৈ আজমান অসামৰিক প্ৰতিৰক্ষা বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় ৷ আনহাতে,ডুবাই,শ্বাৰজাহ আৰু উম-অল-কুৱেইনে স্থানীয় আপাতকালীন সেৱাসমূহক সহায় আগবঢ়ায় ৷

লগতে পঢ়ক: লাডাখত প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান বিজেপিৰ

Last Updated : Aug 6, 2020, 9:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.