নিউজ ডেস্ক,23 আগষ্টঃ তেলেংগানাৰ দুঙদীগলৰ বায়ু সেনা একাডেমীৰ কাষতে থকা ৰাসায়নিক কাৰখানাত শনিবাৰে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ঘটনাৰ ফলত কোনো হতাহত হোৱাৰ খৱৰ পোৱা নাই ৷ জানিব পৰা মতে, এটা গুদামত থকা ড্ৰামত জুই লগাৰ ফলত অন্য গুদামলৈ জুই বিস্তাৰিত হোৱাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় বুলি অগ্নি নিৰ্বাপক বাহিনীয়ে উল্লেখ কৰে ৷
বিষয়া গৰাকীয়ে উল্লেখ কৰা অনুসৰি, দুঙদীগলৰ বায়ু সেনা একাডেমী 2 খন আৰু অগ্নি নিৰ্বাপক বাহিনীৰ মুঠ আঠখন বাহনে জুই নিৰ্বাপন কৰিবলৈ প্ৰেচেষ্টা অব্যাহত ৰাখিছে ৷ সমগ্ৰ অঞ্চল ক’লা ধোৱাই আগুৰি ধৰিছে বুলিও বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷ ইপিনে বিষয়া গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি অগ্নিকাণ্ডৰ সময়ত কাৰখানটোত কোনো লোক নাছিল ৷
লগতে পঢ়কঃ কাৰিপুৰ বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা 20 গৰাকীলৈ বৃদ্ধি