ETV Bharat / bharat

নিশা ফাৰ্মাচিটিকেল কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ড - বিশাখাপট্টম

অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পূৰ্বে প্ৰায় 15 টা বিস্ফোৰণৰ শব্দ শুনিবলৈ পাইছিল স্থানীয় লোকে ৷

Massive explosion at pharma company in Visakhapatnam, one injured
বিশাখাপট্টমত নিশা ফাৰ্মাচিটিকেল কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Jul 14, 2020, 9:02 AM IST

অন্ধ্ৰপ্ৰদেশ, 14 জুলাই : অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টমত সোমবাৰে নিশা ৰামকি ছালভেন্ট নামৰ এটা ফাৰ্মাচিটিকেল কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্লিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ পোহৰলৈ অহা নাই যদিও ফাৰ্মাচিটিকেল কোম্পানীটোত এটা বিস্ফোৰণৰ পাছতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা হৈছে ৷ এই বিস্ফোৰণত এজন শ্ৰমিক গুৰুতৰভাবে আহত হয় ৷ আনহাতে ঘটনাস্থলীৰ পৰা পলায়ন কৰি কথমপি ৰক্ষা পৰে আন তিনিজন শ্ৰমিক ৷

বিশাখাপট্টমত নিশা ফাৰ্মাচিটিকেল কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ড

এই ঘটনাই অঞ্চলটোৰ লোকৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰে ৷ স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি নিশা প্ৰায় 10.30 বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পূৰ্বে প্ৰায় 15 টা বিস্ফোৰণৰ শব্দ শুনা পায় স্থানীয় লোকে ৷

অন্ধ্ৰ প্ৰদেশৰ উদ্যোগ মন্ত্ৰী এম গৌতম ৰেড্ডিয়ে জিলা উপাযুক্তৰ জৰিয়তে ঘটনাৰ বুজ লয় ৷ উদ্যোগমন্ত্ৰী গৰাকীয়ে নিশা অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত কোম্পানীটোত কৰ্মৰত আন শ্ৰমিকসকলক উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে জিলা উপাযুক্তক ৷ তেওঁ লগতে ঘটনাত অন্য কোনো লোক যাতে হতাহত নহয় তাৰবাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে প্ৰশাসনক ৷

লগতে পঢ়ক : ৰাজ্যত বানত মৃত্যু 50 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.