ETV Bharat / bharat

২০২৮ চনৰ অলিম্পিকত ভাৰত শীৰ্ষ দহখন ৰাষ্ট্ৰৰ ভিতৰত থাকিবঃ কিৰণ ৰিজিজু

author img

By

Published : Jun 8, 2020, 5:02 PM IST

২০২৪ চনৰ অলিম্পিকত ভাৰতে বহু কেইটা শিতানত পদক লাভ কৰিবলৈ সক্ষম হ'ব । আৰু ২০২৮ চনৰ অলিম্পিকত শীৰ্ষ দহখন দেশৰ ভিতৰত ভাৰতে নিজৰ নাম অন্তভূক্ত কৰিবলৈ সক্ষম হ'ব । কেন্দ্ৰীয় খেল মন্ত্ৰীগৰাকীয়ে জনালে এই কথা ।

mark-my-words-india-will-be-in-top-10-in-2028-kiren-rijiju

নিউজ ডেস্ক, ৮ জুন : লক ডাউনৰ মাজতে কেন্দ্ৰীয় খেল মন্ত্ৰী কিৰণ ৰিজিজুয়ে দেওঁবাৰে জনাই যে, ২০২৮ অলিম্পিকৰ বাবে ভাৰতবৰ্ষৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে ।

খেল মন্ত্ৰী গৰাকীয়ে টেবুল টেনিচ খেলুৱৈ মনিষা বত্ৰাৰ লগত ইনষ্টগ্ৰামত লাইভত সৱিশেষ জনালে এই কথা । মন্ত্ৰীগৰাকীয়ে আকৌ জনাই যে, ২০২৪ ৰ অলিম্পিকৰ বাবে আশা আছে কিন্তু ২০২৮ চনৰ অলিম্পিকখন আমাৰ বাবে প্ৰত্যাহ্বান হ'ব ।

mark-my-words-india-will-be-in-top-10-in-2028-kiren-rijiju
২০২৮ চনৰ অলিম্পিকত ভাৰত শীৰ্ষ দহখন ৰাষ্ট্ৰৰ ভিতৰত থাকিবঃ কিৰণ ৰিজিজু

২০২৪ চনৰ পেৰিচ অলিম্পিকত ভাৰতবৰ্ষই বহু কেইটা বিভাগত পদক অৰ্জন কৰিবলৈ মন্ত্ৰী গৰাকী আশাবাদী ।

তেখেতে জনোৱা অনুসৰি, ২০২৪ ৰ বাবে আমাৰ লগত এটা শক্তিশালী দল আছে যাৰ জৰিয়তে আমি বহু কেইটা শিতানত পদক অৰ্জন কৰিবলৈ সক্ষম হ'ম । কিন্তু ২০২৮ অলিম্পিকত আমি শীৰ্ষ দহখন দেশৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হম । যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে ।

খেলুৱৈ সকল হৈছে আমাৰ ভৱিষ্যত। আমি আমাৰ প্ৰস্তুতি সঠিক ৰূপত আৰম্ভ কৰিছো । ২০২৪ চনত আমি প্ৰগতি দেখিবলৈ পাম ।

মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, শীৰ্ষ দহখন দেশৰ ভিতৰত নাম অন্তভুক্ত কৰিবলৈ অতি কমেও আমাক ৮-৯ বছৰ লাগিব । যাৰবাবে আমি সঠিক ৰূপত প্ৰস্তুতি আৰম্ভ কৰিছো । আনকি খেলুৱৈ সকলে লক ডাউনৰ মাজতো প্ৰস্তুতি আৰম্ভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ৰাজ্যত বন্ধ হ'ল 17 খন চৰকাৰী বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.