ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ গুজৰাট ভ্ৰমণক লৈ সষ্টম সাগৰীয় আৰক্ষী

author img

By

Published : Oct 30, 2020, 8:25 AM IST

সবৰমতী নদীত সাগৰীয় বিমানসেৱা উদ্বোধনৰ বাবে আজি গুজৰাটত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ কোভিড-19ৰ পিচত এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো গৃহৰাজ্য ভ্ৰমণ ৷ কেবাটাও কাৰ্য্যসূচী লৈ প্ৰধানমন্ত্ৰী ৰাজ্যখনত উপস্থিত হ'ব ৷ ইয়াৰ বাবে সবৰমতী নদীৰ লগতে ৰাজ্যখনত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

প্ৰধানমন্ত্ৰীৰ গুজৰাট ভ্ৰমণক লৈ সষ্টম সাগৰীয় আৰক্ষী
প্ৰধানমন্ত্ৰীৰ গুজৰাট ভ্ৰমণক লৈ সষ্টম সাগৰীয় আৰক্ষী

নিউজ ডেস্ক, 30 অক্টোবৰ : প্ৰধানমন্ত্ৰী মোডীৰ গুজৰাট ভ্ৰমণৰ পূৰ্বে সষ্টম হৈছে ৰাজ্যখনৰ আৰক্ষী ৷ বিশেষকৈ প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি গুজৰাট আৰক্ষীয়ে তীব্ৰ কৰি তুলিছে সাগৰীয় পেট্ৰলিং ৷ সবৰমতী নদীত সাগৰীয় বিমানসেৱাৰ উদ্বোধন কৰিবলৈ তথা আন বহুকেইটা প্ৰকল্পৰ উদ্বোধন কৰিবলৈ আজি দিনৰ ভাগত ৰাজ্যখনত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ কোভিড-19 মহামাৰীৰ সময়ত এয়া প্ৰধানমন্ত্ৰীৰ প্ৰথমটো গৃৃহৰাজ্য ভ্ৰমণ ৷

প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ বাবে সবৰমতী নদীতো সমান্তৰালকৈ বৃদ্ধি কৰা নিৰাপত্তা ব্যৱস্থা ৷ ইতিমধ্যে কান্দলা উপকূলীয় আৰক্ষীয়ে আহমেদাবাদলৈ এখন সাগৰীয় পেট্ৰলিং নাও আনি নিৰাপত্তাৰ দিশটো চম্ভালি লৈছে ৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত সবৰমতী নদীত উপকূলীয় আৰক্ষীৰ কঠোৰ নিৰীক্ষণ থাকিব ৷

শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ শনিবাৰে দেশৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে কেভাড়িয়াৰ ষ্ট্যেচু অৱ ইউনিটীত আয়োজিত হ'বলগীয়া ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

লগতে পঢ়ক : চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তীঃ সংহতি স্মাৰকত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.