ETV Bharat / bharat

মণিপুৰত জব্দ নিম্ন মানদণ্ডৰ N95 মাস্ক,স্বাস্থ্য বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু

মণিপুৰৰ লাংফেল কেন্দ্ৰীয় চিকিৎসালয়ৰ নিৰ্দেশত চলা আৰক্ষীৰ অভিযানত জব্দ নিম্ন মানৰ N95 মাস্ক । মণিপুৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ কিছু বিষয়ববীয়াৰ ওপৰত গোচৰ ৰুজু ।

Manipur health officials booked for supplying substandard masks to hospital: Police

author img

By

Published : Apr 18, 2020, 7:22 PM IST

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপৰ মাজতেই মণিপুৰত পোহৰলৈ আহিছে ভয়ংকৰ ঘটনা । নিম্ন মানদণ্ডৰ মাস্ক যোগান ধৰাৰ অভিযোগত স্বাস্থ্য বিষয়াৰ ওপৰত গোচৰ ৰুজু আৰক্ষীৰ ।

শনিবাৰে লাংফেলৰ কেন্দ্ৰীয় চিকিৎসালয়ৰ নিৰ্দেশত আৰক্ষীয়ে চলোৱা অভিযানত জব্দ হয় নিম্ন মানৰ N95 মাস্ক । এই ঘটনা সন্দৰ্ভত মণিপুৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ কিছু বিষয়া-কৰ্মীৰ ওপৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ।

শুকুৰবাৰে এই অভিযান সতৰ্কতা আৰু দুৰ্নীতি দমন আৰক্ষী বিষয়াৰ এটা দলৰ দ্বাৰা কৰা হৈছিল । চুৰাচান্দপুৰৰ জিলা হাস্পতাললৈও নিম্ন মানদণ্ডৰ মাস্ক সমূহ যোগান ধৰা হৈছিল । প্ৰায় ১,২৫০ টা N95 মাস্ক আৰু অন্যান্য সুৰক্ষা সামগ্ৰী উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

যোৱা ১৪ এপ্ৰিলতো ২০০ টা অ-ব্যৱহাৰযোগ্য N95 মাস্ক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে । এই সন্দৰ্ভত এগৰাকী জেষ্ঠ বিষয়াই উল্লেখ কৰে যে, অ-ব্যৱহাৰযোগ্য মাস্ক খিনি আইচলেচন ৱাৰ্ডত ব্যৱহাৰৰ বাবে অনা হৈছিল। তাৰ পিচত সেইদিনাই লগে-লগে সেইবোৰ সলনি কৰি দিয়া হৈছিল ।

স্বাস্থ্য বিষয়াৰ নিৰ্দেশৰ লগতে অন্যান্য ৫ টা ফাৰ্মৰ মালিক আৰু কেইজন মান অজ্ঞাত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে । বৰ্তমান এই বিষয়টোৰ তদন্ত চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.